গুৱাহাটীঃ পুনৰ বৃদ্ধি পাইছে কোভিড-১৯ৰ সংক্ৰমণ। মহানগৰীত এখনৰ পাছত আন এখন শিক্ষানুষ্ঠানত কোভিড সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাছত এইবাৰ মহানগৰীৰ বি বৰুৱা মহাবিদ্যালয়ৰ ৬গৰাকী শিক্ষাৰ্থীৰ দেহত কোভিড-১৯পজিটিভ ধৰা পৰিছে।
লগতে পঢ়কঃবেংকৰ নথি জালিয়াতি কৰি আৰক্ষীৰ জালত দুই যুৱক
জিএমচিএইচৰ তৰফৰ পৰা এই তথ্য সদৰী কৰা হৈছে। মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ কোভিড টেষ্ট কৰোৱাৰ পাছত এই ৬ গৰাকী শিক্ষাৰ্থীৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰে।
সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কমেও ১৫গৰাকী শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছিল কোভিড-১৯ পজিটিভ। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পাঁচদিনৰ বাবে পাঠদান তথা হোষ্টেলসমূহ বন্ধৰ নিৰ্দেশ দিছে।