নিউজ ডেস্ক : পুনৰ চৰ্চালৈ আহিছে ‘বাবা কা ধাবা’। যোৱা বছৰ লকডাউনৰ সময়ত দিল্লীৰ মালৱীয় নগৰৰ পদপথত দোকান ‘বাবা কা ধাবা’ সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছিল। লকডাউনৰ বাবে আৰ্থিক বিপদত পৰা ‘বাবা কা ধাবা’ৰ মালিক কান্তা প্ৰসাদক সহায় কৰক বুলি এজন যুৱকে এটা ভিডিঅ’ জৰিয়তে ৰাইজক আহ্বান জনাইছিল।

ছচিয়েল মিডিয়াৰ জোৰ ত এটা ৰাতিতেই জনপ্ৰিয় হৈ পৰে সেই সাধাৰণ দোকানখনত গ্ৰাহকে কেৱল খাবলৈ ভিৰ কৰাই নহয় বিশ্বৰ ভিন্ন ঠাইৰ লোকে আনকি কান্তা প্ৰসাদক দান বৰঙনিৰে সহায় আগবঢ়ায়। উক্ত ধনৰে আনকি কান্তা প্ৰসাদে যোৱা বছৰ ডিচেম্বৰত দিল্লীত এখন ৰেষ্টোৰেণ্ট আৰম্ভ কৰে।

লগতে পঢ়ক : বন বিভাগৰ হিচাপত বাঘজান কাণ্ডৰ পৰিৱেশৰ ওপৰত পৰা ক্ষতিৰ পৰিমাণ ২৫,০০০ কোটি টকাতকৈ অধিক

কিন্তু এই বছৰ দেশজুৰি চলা কোৰোণা ভাইৰাছৰ দ্বিতীয়টো ধৌৱে পুনৰ কান্তা প্ৰসাদক পদপথলৈ লৈ আনিলে। যাৰ ফলত ৮০ বছৰীয়া কান্তা প্ৰসাদে আকৌ দিল্লীৰ মালৱীয় নগৰৰ পদপথলৈ উভতি আহিবলগা হৈছে।

সংবাদ মাধ্যমৰ আগত কান্তা প্ৰসাদে কয়, ‘১ লাখ টকা দি আৰম্ভ কৰা ৰেষ্টোৰেণ্টখনৰ পৰা আমি মাত্ৰ ৩৫ হাজাৰ টকাহে উপাৰ্জন কৰিব পাৰিলো, সেই কাৰণে আমি সেইখন বন্ধ কৰি দিলো।‘

একাংশৰ মতে প্ৰথম অৱস্থাত ৰেষ্টোৰেণ্টখন যথেষ্ট ভালদৰে চলিছিল যদিও পিছলৈ ৰেষ্টোৰেণ্ট পৰিচালনাত কিছু খামখেয়ালিৰ বাবে গ্ৰাহকৰ সমাগম কমি আহে।

অৱশ্যে, তেওঁৰ পুৰনা ধাবাখনকলৈ তেওঁ সুখী বুলি উল্লেখ কৰি কান্তা প্ৰসাদে কয় যে জীয়াই থকা লৈকে তেওঁ নিজৰ ধাবাখনকে চলাই যাব।

‘মোৰ আৰু মোৰ পত্নীৰ বাবে আমি যোৱা বছৰৰ দান-বৰঙনিৰ পৰা ২০ লাখ টকা জমা কৰি ৰাখিছো। যিদিনাই ব্যৱসায় মন্দা পৰিব মই এইখন বন্ধ কৰি দিম,’ তেওঁ কয়।  

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply