গুৱাহাটীঃ দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ হকে শেষপর্যন্ত সাহসেৰে যুঁজ দি মৃত্যুক সাৱটি লোৱা সৰুপেটাৰ দিলীপ কুমাৰ দাস আৰু দুধনৈৰ বাবলু ৰাভাৰ মৃত্যুত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই গভীৰ শোক প্ৰকাশ কৰিছে।
কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ বিষয়া দিলীপ কুমাৰ দাস আৰু জোৱান বাবলু ৰাভাই ছত্তীশগড়ৰ বিজাপুৰত নক্সালবাদীৰে হোৱা সংঘর্ষত প্ৰাণ হেৰুৱায়।
দুয়োগৰাকীৰ শ্বহীদৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰি পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে ভাৰত মাতৃৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ গৈ দুয়োজন অসম সন্তানে যি বীৰত্ব আৰু সাহসৰ প্ৰদৰ্শন কৰিলে সেয়া ভৱিষ্যত প্ৰজন্মৰ বাবে সদায় আদৰ্শ আৰু প্ৰেৰণাৰ উৎস হৈ ৰ’ব।
তেওঁলোকে আত্মবলিদান দি যি দেশপ্রেমৰ নিদর্শন দাঙি ধৰিছে সেয়া আজি সমগ্র অসমবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিছে।
অসম জাতীয় পৰিষদে তেওঁলোকৰ অবিনাশী আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।