মৰাণ সমষ্টিৰ গ্ৰাম্যঞ্চলত এতিয়া পথৰ দুৰৱস্থাই জলাকলা খুৱাইছে ৰাইজক । বিশেষকৈ সমষ্টিটোৰ খোৱাং অঞ্চলত পথৰ নাজল-নাথল অৱস্থা । দীৰ্ঘদিনধৰি গ্ৰামাঞলৰ পথ সমূহ মেৰামতি কৰাৰ ক্ষেত্ৰত পিঠি দিছে বিভাগীয় মহলৰ লগতে স্থানীয় বিধায়ক চক্ৰধৰ গগৈও।
ৰোগী অহাযোৱা কৰিবলৈ এতিয়া এম্বুলেঞ্চ নোসোমাই পথত।এখন প্লাষ্টিকৰ চকীত ৰোগীক বহাই পৰিয়ালৰ লোকে দাঙি নিব লগা হৈছে চিকিৎসালয়লৈ । মৰাণ সমষ্টিৰ খোৱাং বাঁহনি পথাৰৰ ৰাইজে বেয়া পথৰ বাবে জীয়াতু ভুগিব লগা হৈছে ।
কাৰন শয্যাশায়ী হৈ থকা ৰোগীক নিবলৈ গাড়ী সোমাব নোৱাৰে পথটোৱেদি। গাঁওখনৰ ডেকা আলি নামৰ পথটো বোকাময় হৈ পৰাত কোনো বাহন নোসোমায় পথটোত । উপায়ন্তৰ হৈ পৰিয়ালৰ লোকে ঘৰৰ প্লাষ্টিকৰ চকীখনতে ৰোগীজনক বহুৱাই মূল পথলৈ দাঙি নিচে ।

স্থানীয় লোকে জনোৱা মতে মৰাণ সমষ্টিৰ খোৱাং উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰায় ডেৰ কিলোমিটাৰ পথটো খোৱাং আৰু নাহৰণি পঞ্চায়তৰ অন্তৰ্গত । ডেকা আলি নামৰ এই পথটো নিৰ্মাণৰ বাবে গাঁওবাসীয়ে স্থানীয় বিধায়ক চক্ৰধৰ গগৈক বহুবাৰ আবেদন কৰি আহিছে যদিও পথটো মেৰামতিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।
পঞ্চায়ত পুঁজিৰে চৰ্তুদশ বিত্তীয় আয়োগৰ অধীনত দুবছৰ মানৰ আগতে দুগাড়ী মান শিল পেলোৱা হৈছিল যদিও প্ৰায় ডেৰ কিলোমিটাৰ পথটোত শিলসমূহ হাঁহক চাউল ছটিওৱাৰ দৰেহে হ’ল । যাৰ ফলত বাৰিষা আহিলেই কদৰ্যময় হৈ পৰে পথটো । গাড়ী, মটৰ দূৰৰ কথা খোজ কাঢ়ি যোৱাৰো অনুপযোগী এই পথটো । জনপ্ৰতিনিধি কিম্বা সংশ্লিষ্ট বিভাগে এই পথটো নিৰ্মাণ ক্ষেত্ৰত ব্যৱস্থা কেতিয়া ল’ব সেইটোহে গাঁওবাসীৰ প্ৰশ্ন