ধেমাজি, মনোজ শইকীয়া: ধেমাজি ছোৱালী মহাবিদ্যালয়ত অসম মহাবিদ্যালয় শিক্ষক সন্থাৰ অন্তৰ্গত ধেমাজি ঢকুৱাখানা মাণ্ডলিক সমিতিৰ উদ্যোগত বেডমিন্টন প্ৰতিযোগিতা অনুষ্ঠিত হয়।

অসম মহাবিদ্যালয় শিক্ষক সন্থাৰ অন্তৰ্গত ধেমাজি-ঢকুৱাখানা মাণ্ডলিক সমিতিৰ উদ্যোগত ধেমাজি ছোৱালী মহাবিদ্যালয় সহযোগত মহাবিদ্যালয়ৰ ইন্দ্ৰৰ ষ্টেডিয়ামত বাৰ্ষিক কৰ্মসূচী অংশ স্বৰূপে এদিনীয়াকৈ শিক্ষকসকলৰ মাজত বেডমিন্টন প্ৰতিযোগিতা অনুষ্ঠিত হয়।

ধেমাজি-ঢকুৱাখানা মণ্ডলৰ অন্তৰ্গত ১৮ খন মহাবিদ্যালয় ভিতৰত এই প্ৰতিযোগিতাত ১২ খন মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে। প্ৰত্যেক বছৰে ধেমাজি ঢকুৱাখানা মণ্ডলৰ বাৰ্ষিক কৰ্মসূচী ৰূপায়ন কৰি আহিছে বুলি মণ্ডলৰ সভাপতি ভূপেন গগৈয়ে জানিবলৈ দিয়ে।

বিভিন্ন ধৰণৰ প্ৰতিযোগিতা সমূহে মহাবিদ্যালয়ৰ মাজত থকা বন্ধুত্ব সুলভ সম্পৰ্কক আৰু বেছি শক্তিশালী কৰি তোলাৰ লগতে খেলৰ গুৰুত্বৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক উদাহৰণ দাঙি ধৰা প্ৰয়াস কৰি আহিছে বুলি মন্তব্য প্ৰকাশ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply