অসম চৰকাৰৰ বন বিভাগে বাঘজান কাণ্ডৰ ফলত পৰিৱেশ আৰু জৈৱ বৈচিত্ৰৰ ওপৰত হোৱা ক্ষয়-ক্ষতিৰ হিচাপ প্ৰকাশ কৰিছে। বন বিভাগৰ মুখ্য ৱাইল্ডলাইফ ৱাৰ্ডেন মে কে যাদৱে যুগুত কৰা উক্ত সমিক্ষাৰ মতে বাঘজানত সংঘটিত বিস্ফোৰণৰ ফলত ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ এই অঞ্চলটোৰ পৰিৱেশৰ ওপৰত হোৱা ক্ষতিৰ পৰিমান ২৫,০০০ কোটিতকৈ অধিক।

শনিবাৰে কটন বিশ্ববিদ্যালয়ৰ পাৰিপাৰ্শ্বিক জীৱবিদ্যা (Environmental Biology) বিভাগে অনুষ্ঠিত কৰা এখন ৱেবিনাৰত যাদৱে কয় যে অঞ্চলটোৰ ৫৫ শতাংশ জৈৱ বৈচিত্ৰ ধ্বংস হৈ গৈছে। ‘ইয়াক পুনৰুজ্জীৱিত কৰাৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে যদিও ইয়াৰ বাবে ১০ বছৰতকৈ অধিক কালৰ প্ৰয়োজন হ’ব,’ যাদৱে কয়।

যাদৱৰ মতে তিনিজনকৈ লোকৰ মৃত্যু হোৱাৰ উপৰি উক্ত বিস্ফোৰণৰ ফলত বাঘজানকে ধৰি মাগুৰি মতাপুং বিল, ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যাণৰ সমীপত থকা কেইবাখনো গাঁও তথা হোলোক গিবনৰ আৱাসভূমিত প্ৰায় ২৯,০০০ সংৰক্ষিত আৰু অসংৰক্ষিত প্ৰজাতিৰ প্ৰাণীৰ মৃত্যু হয়। সংৰক্ষিত প্ৰজাতি বিলাকক বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত সুৰক্ষা দিয়া হয়। বিস্ফোৰণৰ পিছত তেওঁলোকৰ বিভাগে বিলুপ্তপ্ৰায় শিহুৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৃত কাছ, বিভিন্ন প্ৰজাতিৰ বিলুপ্তপ্ৰায় চৰাই, উভচৰ প্ৰাণী আৰু মাছ উদ্ধাৰ কৰে। ইয়াৰ উপৰি তেওঁলোকে দুটা হলক গিবনৰ মৃতদেহ উদ্ধাৰ কৰে। এই সমূহৰ উপৰিও আছে কাষৰীয়া গাঁও সমূহৰ ভালেসংখ্যক পোহনীয়া জীৱ-জন্তু।

যাদৱে চলোৱা অধ্যয়নত প্ৰকাশ পোৱা মতে ৯ জুনত অইলৰ ৫নং খাদত সংঘটিত বিস্ফোৰণত ৭.৯৭ বৰ্গ কিলোমিটাৰ অঞ্চল প্ৰায় সম্পূৰ্ণৰূপে ভস্মিভূত হয়। বিস্ফোৰণৰ জুইয়ে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ১২.০৭ বৰ্গ কিলোমিটাৰলৈকে প্ৰভাৱ পেলোৱাৰ উপৰি জলাশয় অঞ্চলৰ ১৬.৩২ বৰ্গ কিলোমিটাৰ, ৫.২৩ বৰ্গ কিলোমিটাৰ ঘাঁহনি অঞ্চল, ১৯.৭৬ বৰ্গ কিলোমিটাৰ নদ-নদী আৰু ২.১৩ বৰ্গ কিলোমিটাৰ বনাঞ্চল ধ্বংস কৰে।

মূল লেখা : Baghjan blowout: Assam’s forest dept counts ₹25K cr in ecological damage

বিস্ফোৰণ আৰু ইয়াৰ পিছৰ ৫ মাহত চৌপাশৰ বাতাবৰণত ১.৬৪৯ মিলিয়ন টন কাৰ্বন-ডাই-অক্সাইড, ০.৫৩৯ মিলিয়ন টন নাইট্ৰিক অক্সাইড, ০.৭৯৩ মিলিয়ন টন নাইট্ৰ’জেন-ডাই-অক্সাইড, ৭৮০০০ কেজি আলান্ধু নিৰ্গত হয়। ইয়াৰ উপৰি বিস্ফোৰণৰ ফলত ৩.৯ প্ৰাবল্যৰ ভূমিকম্প অহাৰ কথাও বন বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।এই বিস্তৰ ক্ষয়-ক্ষতিৰ বাবে যাদৱে কেইবাটাও কাৰকৰ কথা উল্লেখ কৰিছে, ইয়াৰ ভিতৰত পৰিৱেশৰ ওপৰত পৰা প্ৰভাৱৰ ত্ৰূটিপূৰ্ণ মূল্যায়ন (Environmental Impact Assessment -EIA)ৰওপৰত ভিত্তি কৰি দিয়া পাৰিপাৰ্শ্বিক অনুমতি (environmental clearance) অন্যতম। তেওঁ জনোৱা মতে বিস্ফোৰণৰ পৰিনাম আৰু ই কৰিব পৰা বিপৰ্য্যয়ক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰা হৈছিল।

অইলৰ মুখপাত্ৰ ত্ৰিদিৱ হাজৰিকাৰ মতে Environmental Impact Assessment এটা থাৰ্ড পাৰ্টিৰ দ্বাৰা কৰোৱা হৈছিল। ‘EIA ৰিপৰ্টসমূহ অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডক জমা দিয়া হৈছিল আৰু ইয়াৰ পিছতে আমাক অনুমতি দিয়া হৈছিল। অনুমতিৰ বাবে আমি ৰাজহুৱা শুনানি অনুষ্ঠিত কৰিছিলো,’ হাজৰিকাই কয়। তেওঁৰ লগতে উল্লেখ কৰে যে উজনি অসমত যথেষ্ট মাত্ৰাত পলিচাইক্লিক এৰোমেটিক হাইদ্ৰ’কাৰ্বন (PAH) পোৱা যায়, তৈল উদ্যোগৰ পৰা নিৰ্গত এই প্ৰদূষক দ্ৰব্যৰ ফলত কেন্সাৰৰ দৰে বেমাৰ হ’ব পাৰে। বাঘজান অঞ্চলৰ মাটিত প্ৰচুৰ পৰিমানে এই প্ৰদূষকবিধ পোৱা যায়।

লগতে পঢ়ক : বিদ্যুৎ বিল নিদিয়াকৈ থকা চৰকাৰী কৰ্মচাৰীৰ বাবে বেয়া খবৰ

বিভিন্ন দিশ পৰ্য্যালোচনা কৰি বাঘজান বিস্ফোৰণৰ ফলত হোৱা ক্ষতি পৰিমান ২০৫০.৬১ কোটি হ’ব বুলি যাদৱে সদৰী কৰিছে। অৱশ্যে, এই ক্ষেত্ৰত কিছু কম-বেছি হ’ব পাৰে বুলি তেওঁ উল্লেখ কৰে।

অইলৰ মুখপাত্ৰ হাজৰিকাৰ মতে, যাদৱে উল্লেখ কৰা ধৰণৰে বন বিভাগৰ ফালৰ পৰা ক্ষয়-ক্ষতিৰ কোনো বিত্তীয় হিচাপ অইলক জনোৱা হোৱা নাই। ‘এইটো হিচাপকলৈ আমি অৱগত নহয় যিহেতু আমাক এই সম্পৰ্কে জনোৱা হোৱা নাই,’ তেওঁ কয়।

অইলে অৱশ্যে অলপতে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘজান-ভেৰজান-পদুমনি বন্যপ্ৰাণী অভয়াৰণ্যত সংৰক্ষণৰ কামৰ বাবে ৰাজ্যৰ বন বিভাগত ২০ কোটি টকা প্ৰদান কৰিছে।

‘উক্ত ধনৰাশি বাঘজানৰ তৈল খাদৰ সৈতে সংযুক্ত নহয়। ইয়াক কিদৰে কামত লগাব সেয়া বন বিভাগে ঠিক কৰিব,’ হাজৰিকাই কয়।

দুয়ো গৰাকী বিষয়াই জনাই যে জলাশয় সমূহৰ পুনৰুজ্জীৱিতকৰণৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে আৰু ই কিছু দূৰলৈকে ভাল ফলাফল দেখুৱাইছে।

মূল লেখক : অনুপম চক্ৰৱৰ্তী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,022 other subscribers

Leave a comment

Leave a Reply