যোৰহাটঃ উত্তৰ -পূব যোৰহাটৰ শৈক্ষিক দিশৰ বাটকটীয়া অনুষ্ঠান বাহনা উচ্চ মাধ্যমিক বালক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপন।
এই অনুষ্ঠানৰ শুভাৰম্ভনী অনুষ্ঠানত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰয়োজনীয়তা আৰু সম্ভাৱনা বিষয়ক বক্তৃতা প্ৰদান কৰি শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰজ্যোতি মহন্তই কয় যে বৰ্তমানৰ শিক্ষা ব্যৱস্থাই কাৰিকৰীভাৱে দক্ষ ব্যক্তি গঢ়ি তুলিব পৰা নাই।নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত পৰীক্ষাৰ সফলতাৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীৰ মান নিৰ্ণয়ৰ অৱসান কৰিব বিচৰা হৈছে । সামাজিক মূলধন সৃষ্টিৰ মূলতে একো একোখন বিদ্যালয় আৰু ইয়াৰ কৰ্মসংস্কৃতি বুলি উল্লেখ কৰি জ্ঞান,মূল্যবোধ,দক্ষতাৰ সমাহাৰ ঘটাই ছাত্ৰ-ছাত্ৰীৰ সমগ্ৰ শিক্ষাৰ পথত আগ বঢ়াই নিব লাগিব বুলি তেওঁ কয়।
উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভা উদ্বোধন কৰি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈয়ে বিদ্যালয়ৰ উন্নয়নৰ বাবে সাংসদ পুঁজিৰ পৰা দহ লাখ টকাৰ অনুদানৰ ঘোষণা কৰে।
লগতে পঢ়কঃৰাজ্যজুৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক সোঁৱৰণ
বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে পৰিবেশন কৰা সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাত সাংসদ কামাখ্যাপ্ৰসাদ তাছা,বিজ্ঞান লেখিকা তথা অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° অদিতি বেজবৰুৱাই বক্তৃতা প্ৰদান কৰে।
উদযাপন সমিতিৰ কার্যকৰী সভাপতি ড°প্ৰসন্ন কুমাৰ দত্তই আদৰণি ভাষণ দিয়া আৰু সাধাৰণ সম্পাদক তথা প্ৰধান শিক্ষক পুনাৰাম শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা সভাৰ আঁত ধৰে সম্পাদক হেমেন কুমাৰ শইকীয়া।
ইয়াৰ পূৰ্বে ডবা,শঙ্খ,কাঁহ,গুৰু ঘাট আৰু মঙ্গল ধ্বনিৰে পয়সত্তৰখন পতাকা উত্তোলন আৰম্ভ কৰা অনুষ্ঠানত মহাৰজত জয়ন্তীৰ মূল পতাকা উত্তোলন কৰে সভাপতি হিতেন্দ্ৰনাথ গোস্বামীয়ে আৰু বিদ্যালয়ৰ পতাকা উত্তোলন কৰে প্ৰধান শিক্ষক পুনাৰাম শইকীয়াই। অনুষ্ঠানত ছাত্ৰসকলে বিদ্যালয় সংগীত পৰিবেশন কৰে।স্মৃতি তৰ্পন কৰে বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষকদ্বয় উপেন্দ্ৰনাথ হাজৰিকা, ইছমাইল আলীয়ে। উদযাপন সমিতিৰ সম্পাদক সঞ্জীৱ কুমাৰ ভূঞা, জ্যেষ্ঠ শিক্ষক প্ৰদীপ দত্তই পৰিচালনা কৰা অনুষ্ঠানত প্ৰাক্তন ছাত্ৰৰ উদ্যোগত নির্মাণ হ’ব লগীয়া মূল প্ৰৱেশদ্বাৰৰ আধাৰশিলা স্থাপন কৰে ড°প্ৰসন্ন কুমাৰ দত্তই লগতে গছপুলি ৰোপণ কৰে সমাজকৰ্মী ডিম্বেশ্বৰ বৰাই।
কোভিড প্ৰট’কল মানি অনুষ্ঠিত অনুষ্ঠানত প্ৰাক্তন শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী-কৰ্মচাৰী আৰু ৰাইজৰ উপস্থিতিয়ে সৌষ্ঠব বৃদ্ধি কৰে।