বৈঠালাংছ’: পাৰ্বত্য জিলাত শিক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান । কাৰ্বিপৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙৰ গৃহ সমষ্টি বিথুং ৰেংথামাৰ টুম্প্ৰেঙত আজি সমষ্টিটোৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এক শিক্ষা মূলক সজাগতা তথা সম্বৰ্ধনা অনুষ্ঠান অনুস্থিত কৰে।
“বিথুং য়ুথ ফ’ৰাম”ৰ উদ্যোগত আয়োজিত উক্ত অনুস্থাত ২০২০-২১ বৰ্ষৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয়।লগতে বৰ্তমান যোগত মানৱ জীৱনত উচ্চ শিক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোচনা কৰা হয় ।
অনুস্থানত মূখ্য অতিথি হিচাপে অংশ গ্ৰহন কৰি CEM.Dr. তুলিৰাম ৰংহাঙে ভাষন প্ৰসঙ্গত কয় যে,” শিক্ষাৰ্থী সকল সমাজৰ মেৰুদণ্ডস্বৰূপ । তেওঁলোকৰ ওপৰতেই দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে । সেয়ে উচ্চ শিক্ষাৰ ওপৰত আমি অধিক গুৰুত্ব প্ৰদান কৰিব লাগে।
IPS,APS,UPSC,AFS আদি পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে কাৰ্বি পৰিষদৰ তৰফৰ পৰা অতিশীঘ্ৰেই বিনামূলীয়া প্ৰশিক্ষণ কেন্দ্ৰও স্থাপন কৰা হব বুলি CEM গৰাকীয়ে উক্ত অনুস্থানতে ঘোষণা কৰে।অনুস্থানত সমষ্টি টোৰ ১৫ শতাধিক ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।
লগতে পঢ়ক- টীয়কৰ আউনীআটী সত্ৰ আৰু ঐতিহাসিক লাচিত মৈডামত মুখ্যমন্ত্ৰী