পাঠশালাঃ যি সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰীৰ কৰ্মসংস্কৃতিৰ কথা কৈ আহিছে, তেনে সময়তে মুখ্যমন্ত্ৰীৰ কথা ভেঙুচালি কৰি বজালী জিলাৰ ভৱানীপুৰ সামুহিক স্বাস্থ্য কেন্দ্ৰৰ উপ অধীক্ষক লীলিমা দাসে সপ্তাহৰ দুদিনহে কাৰ্য্যালয়ত উপস্থিত থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে।
ৰাইজৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ভৱানীপুৰ আঞ্চলিক সমতি আৰু বিভিন্ন দল-সংগঠনে বহুবাৰ আবেদন-নিবেদন কৰিছিল যদিও, কোনো কেৰেপ নকৰে ভৱানীপুৰ স্বাস্থ্যকেন্দ্ৰৰ উপ অধীক্ষক গৰাকীয়ে।
যি সময়ত মুখ্যমন্ত্ৰীয়ে চৰকাৰী কৰ্মচাৰী সকলে অন্য জিলালৈ উপায়ুক্তৰ অনুমতি নোহোৱাকে যাব নোৱাৰে বুলি কৈছিল, সেই সময়ত এইগৰাকী উপ অধীক্ষকই কাৰ বলত বলিয়ান হৈ গুৱাহাটীৰ পৰা অহা যোৱা কৰে সেয়া এক ডাঙৰ প্ৰশ্ন।