তামুলপুৰ : অৱশেষত ৰাজপথত নামিবলৈ বাধ্য হ’ল অতিৰিক্ত জিলা উপাযুক্ত। তামুলপুৰত ক’ভিড বিধি ভংগকাৰী যান-বাহন নিয়ন্ত্ৰণৰ বাবে বাক্সা জিলাৰ অতিৰিক্ত উপাযুক্ত নামিল আন্তঃৰাষ্ট্ৰীয় ঘাইপথত। তামুলপুৰত বিগত কিছুদিন ধৰি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা। পুৰুষ-মহিলাৰ লগতে তামুলপুৰত বহু শিশু আক্রান্ত হৈছে ক’ভিডত।

ৰাজ্যৰ ক’ভিড সৃষ্ট পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে ৰাজ্যজুৰি আন্তঃজিল যাতায়ত বন্ধ থকাৰ সময়তে বাক্সা জিলা আৰু কামৰূপ জিলা সংযোগী ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত অব্যাহত আছে যাতায়ত৷ ক’ভিড বিধি উলংঘা কৰি কামৰূপ আৰু বাক্সা জিলাৰ একাংশ লোকে কোনো ধৰনৰ অনুমতি অবিহনে যান বাহনেৰে অহা-যোৱা অব্যাহত ৰাখিছে ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথেৰে।

লগতে পঢ়ক : সুৰ বাহিনী : মুক্তি বাবে সাজু ‘সুৰৰ যাদুকৰ’ জয়ন্ত হাজৰিকাৰ জীৱনৰ এটি অধ্যায়

ৰঙিয়া-ভূটান পথেৰে ক’ভিড বিধি উলংঘা কৰি অনুমতি অবিহনে যাতায়ত কৰা লোকক নাকী লগাবলৈ অৱশেষত বুধবাৰে দিনৰ ভাগত বাক্সা জিলাৰ অতিৰিক্ত উপাযুক্ত ডাঃ বেদাংগ তালুকদাৰ নিজে ৰাজপথত নামি পৰিল যান-বাহনৰ চলাচল নিয়ন্ত্ৰণ কৰিবলৈ৷ অতিৰিক্ত উপাযুক্ত ডাঃ বেদাংগ তালুকদাৰে জনোৱা মতে যিসকল লোকে কোনো কৰণ নোহোৱাকৈ আন্তঃজিলাত প্ৰৱেশ কৰিছে তেওঁলোকক উভতাই পঠোৱাৰ লগতে যি সকলে ভুৱা অনুমতি পত্ৰ দেখুৱাইছে তেওঁলোকৰ পৰা জৰিমনা সংগ্ৰহ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply