বাক্সাঃবাক্সাৰ লেব্ৰা শান্তিপুৰ অঞ্চলত নৃশংস হত্যাকাণ্ড।

হাতুৰিৰে কোবাই দিনদুপৰতে দুৰ্বৃত্তই হত্যা কৰিলে বৃদ্ধক।

ঘটনা সংঘটিত কৰিয়েই দুৰ্বৃত্তৰ পলায়ন।

মৃতলোকজন জুমিন মুৰ্মু ( ৬০)। বৃদ্ধগৰাকীৰ ঘৰ লেব্ৰা শান্তিপুৰত বুলি জানিব পৰা গৈছে।

পিছে বিগত ছয়বছৰ ধৰি বৃদ্ধজনে সমীপৱৰ্তী খাৰমাটিত অকলশৰীয়াকৈ আশ্ৰয় লৈ আছিল৷

বৃদ্ধগৰাকীৰ মৃতদেহ তেখেতৰ ভ্ৰাতৃয়ে প্ৰত্যক্ষ কৰে আৰু লগে লগে বাগানপাৰা আৰক্ষীক খবৰ দিয়ে ।

মৃতদেহটোৰ মূৰ আৰু মুখমণ্ডলত হাতুৰীৰ আঘাতৰ চিন স্পষ্ট।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

পিছে কি কাৰণত হত্যাকাণ্ডটো সংঘটিত হ’ল এই সন্দৰ্ভত একো জানিবলৈ পৰা হোৱা নাই।

আৰক্ষীৰ অনুসন্ধানৰ পাছতহে হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply