YouTube video

বাক্সা : অসম বুকচ অৱ ৰেকৰ্ডত নাম অন্তৰ্ভূক্ত হ’ল বাক্সাৰ এগৰাকী যুৱকৰ৷ নিজৰ শিল্পকৰ্মৰ জড়িয়তে গৌৰৱ কঢ়িয়াই আনিলে যুৱকজনে৷ বাক্সা জিলাৰ বৰিমাখাৰ এইগৰাকী যুৱকৰ নাম জ্যোতিষ শৰণীয়া৷ পেচাত এগৰাকী শিক্ষক জ্যোতিষ শৰণীয়াই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা “কৰতল কমল” কবিতাটি বেজী আৰু সূতাৰে গামোচাত লিপিৱদ্ধ কৰি এই সন্মান আজুৰি আনিবলৈ সক্ষম হয়৷

বৰ্তমান নমাটি এম ই স্কুলৰ শিক্ষক জ্যোতিষ শৰণীয়া সৰুৰে পৰা আসক্ত আছিল চিত্ৰ শিল্পৰ প্ৰতি৷ স্থানীয় বৈদ্যশ্ৰী মিউজিক কলেজৰ পৰা ফাইন আৰ্টচৰ ডিপ্লমা গ্ৰহণ কৰা জ্যোতিষ শৰণীয়া বিশেষকৈ প্ৰভাৱিত হৈ আহিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন দৰ্শণৰ প্ৰতি৷ ছৱি আঁকি ভাল পোৱা জ্যোতিষ শৰণীয়াই বিদ্যালয়ৰ পৰা উপহাৰ হিচাপে পোৱা গামোছাখনতে লিপিৱদ্ধ কৰিলে মহাপুৰুষ জনাৰ এই বিখ্যাত কবিতাটি৷

লগতে পঢ়ক : বনাঞ্চলৰ তিনিশ হেক্টৰ ভূমি বেদখলমুক্ত কৰিবলৈ নিৰ্দেশ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

মাত্ৰ ২৪ ঘন্টাৰ ভিতৰতে মহাপুৰুষ জনাই ৰচনা কৰা কবিতাটি গামোচাত সূতাৰে লিপিৱদ্ধ কৰিছিল জ্যোতিষ শৰণীয়াই৷ পিচত তেওঁৰ সকলো শিল্পকৰ্মৰ তথ্য অসম বুকচ অৱ ৰেকৰ্ডলৈ প্ৰেৰণ কৰাত বিভাগটোৱে তেওঁৰ শিল্পকলাক স্বীকৃতি প্ৰদান কৰে৷ নিজৰ নাম এনেদৰে অসম বুকচ অৱ ৰেকৰ্ডচত লিপিৱদ্ধ কৰিবলৈ পাই উৎসাহিত হোৱা জ্যোতিষে ভৱিষ্যতে ইণ্ডিয়া বুকচ অৱ ৰেকৰ্ডচত নিজৰ নাম লিপিৱদ্ধ কৰিবলৈ পৰিকল্পনা কৰি থকা বুলি জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply