বাক্সাঃ বাক্সাৰ শালবাৰীত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে স্কুটী আৰোহীক। এই দুৰ্ঘটনাত শিক্ষয়িত্ৰীসহ নিহত হয় হয় দুই কণমানি স্কুলীয়া ছাত্ৰী।
নিহত শিক্ষয়িত্ৰী গৰাকীৰ নাম ৰিজিনা কুজুৰ। আনহাতে ছাত্ৰী দুগৰাকী কৃষ্টিনা দৈমাৰী আৰু ভাৰলিনা ব্ৰহ্ম।আটাইকেইগৰাকী দাউধৰা হিমালয় পাব্লিক স্কুলৰ।
টিউচন কৰি শিক্ষয়িত্ৰী গৰাকী স্কুটীৰে নিজ গৃহলৈ উভতি আহি থাকোতেই তীব্ৰ বেগী ট্ৰাকে মহতিয়াই লৈ যায়।
লগতে পঢ়কঃচাৰিলেন যুক্ত পথ নিৰ্মাণত দুৰ্নীতিৰ বিৰুদ্ধে মৰাণত প্ৰতিবাদ
দুৰ্ঘটনাক কেন্দ্ৰ কৰি ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উত্তেজিত জনতাই ট্ৰাকখনৰ গ্লাছ ভাঙি অগ্নি সংযোগ কৰাৰ চেষ্টা চলায়।পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠীচালনা কৰে।
ইতিমধ্যে আৰক্ষীয়ে ট্ৰাকচালক খালেক আলীক গ্ৰেপ্তাৰ কৰে।