গোৰেশ্বৰঃ বাক্সাৰ গোৰেশ্বৰত বাক্সা জিলা পৰিবহন বিষয়াৰ আকস্মিক অভিযান।
গোৰেশ্বৰৰ কেইবাখনো মটৰ চাইকেল ডিলাৰত অভিযান জিলা পৰিবহণ বিষয়া শোণিত কুমাৰ বৰাৰ।
অভিযান কালত কেইবাটাও ডিলাৰৰ প্ৰয়োজনীয় নথি-পত্ৰ নোপোৱাৰ কথা সদৰি কৰে জিলা পৰিবহণ বিষয়াই।
নথি-পত্ৰ নথকাৰ বাবে এটা টিভিএছ আৰু এটা য়ামাহা ডিলাৰ বন্ধ কৰিলে পৰিবহন বিষয়ায়।
লগতে পঢ়কঃনাওকাটাৰ নিজঝাৰগাঁৱত বিশ্ব প্ৰতিবন্ধী দিৱস পালন
বাক্সা জিলা পৰিবহণ বিষয়াৰ কাৰ্য্যালয়ৰ পৰা ল’ব লগা(TC) টি চি কেইবাখনো ডিলাৰত নথকা বুলি সদৰি কৰে বিষয়া গৰাকীয়ে ৷
টি চি নথকা ডিলাৰ সমূহক শীঘ্ৰেই টি চি সংগ্ৰহ কৰাৰ বাবে আহ্বান পৰিবহন বিষয়া গৰাকীৰ। অন্যথা বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়নী।
গোৰেশ্বৰৰ ৰাজপথত অবৈধ ভাৱে চলা ডাম্পাৰৰ বিৰুদ্ধেও অভিযান চলাব বুলিও ব্যক্ত কৰে জিলা পৰিবহন বিষয়া শোণিত কুমাৰ বৰাই৷