গোৰেশ্বৰঃ প্ৰতিদিনে বন্যহস্তীয়ে তাণ্ডৱ সৃষ্টি কৰিছে ভাৰত-ভূটান সীমান্তৰ দেওচুঙাৰ বৃহত্তৰ অঞ্চল। বৃহস্পতিবাৰে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা নামি অহা হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা তিনিটা হাতীয়ে একেনিশাই ভাঙিলে ৩ টাকৈ পৰিয়ালৰ বাসগৃহ। প্ৰায় এশ-ডেৰশ বনৰীয়া হাতীৰ জাকে তাণ্ডৱ চলাইছিল অঞ্চলটোত।
দেওচুঙা গাঁৱৰ সমীন বসুমতাৰী, ৰজনী ৰাজবংশী, মধুৰাম কলিতা নামৰ তিনিটা দৰিদ্ৰ পৰিয়ালৰ ঘৰত উপদ্ৰৱ চলাই পৰিয়ালটোৰ বাসগৃহৰ লগতে ভঁড়ালৰ ধান-চাউলকে আদি কৰি বিভিন্ন খাদ্য সামগ্ৰী আৰু আচবাব বিনষ্ট কৰে।
লগতে পঢ়কঃ আফ্স্পাৰ বাতিলৰ দাবীত টাইপাৰ প্ৰতিবাদ
ইপিনে, বৃহত্তৰ অঞ্চলটোত নিশা হলে বন্যহস্তীৰ জাকে উপদ্ৰৱ চলাই আহিছে যদিও হাতীৰ জাক খেদি পঠিওৱাত ব্যৰ্থ হৈছে বন বিভাগ আৰু বিভাগটোৰ হেমাহিৰ বাবে ৰাইজে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে ৷ প্ৰতিদিনে এই উপদ্ৰৱ চলাইছে বন্যহস্তীয়ে। এই ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ কৰা নাই বন বিভাগে।