মুছলপুৰ: এতিয়া শাওঁণৰ পথাৰত কৃষকৰ সীমাহীন ব্যস্ততা ৷ হাল বোৱা, কঠীয়া তোলা আদিকে ধৰি ভীষন ব্যস্ত কৃষক ৰাইজ ৷ কিন্তু এই সময়ত পথাৰ এৰি বান্ধ বন্ধাৰ কামত ব্যস্ত হব লগা হৈছে বাক্সাৰ একাংশ কৃষক ৷
কাৰণ বাৰিষা আহিলেই বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তবৰ্তী অঞ্চলৰ কৃষক সকলৰ মাজত সৃষ্টি হয় হাহাকাৰ অৱস্থাৰ ৷
বাৰিষা হোৱাৰ লগে লগেই এতিয়া চাউলকাড়া অঞ্চলৰ প্ৰায় ৪ শতাধিক কৃষকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ ৷ মূলত খেতি পথাৰত সৃষ্টি হোৱা পানীৰ অভাৱ তথা জলসিঞ্চন বিভাগৰ আঁচনিৰ অভাৱৰ বাবেই এই হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় কৃষক সকলৰ মাজত।
উল্লেখ্য যে, বৃটিছৰ ঔপনিবেশৰ পৰা মুক্ত হৈ ভাৰত স্বতন্ত্ৰ হ’ল যদিও, পৰিৱৰ্তন নহ’ল এই সকল কৃষকৰ অৱস্থা ৷ স্বাধীনোত্তৰ ভাৰতৰ কৃষকৰ উন্নয়নৰ বাবে বহু আঁচনিও ৰূপায়ন কৰা হ’ল যদিও সেইসমূহ আঁচনিৰ পৰা আজিও বঞ্চিত হৈ থাকিল এই সকল প্ৰকৃত কৃষক ৷
জলসিঞ্চনৰ অভাৱত এই অঞ্চলৰ ৰাইজে ভূটানৰ সীমাত আজিও ভেটিব লাগে খৰস্ৰোতা পাগলদিয়া নদী।
নদীত শিল, গছৰ ডাল আদিৰে প্ৰাকৃতিকভাৱে পাৰ্কুপাইনৰ বান্ধ দি প্ৰায় ৮ হেজাৰ বিঘা কৃষি পথাৰলৈ পানী বোৱাই নিব লগীয়া হয় অঞ্চলটোৰ কৃষক ৰাইজে ।
লগতে পঢ়ক | ১০ বছৰেও সম্পূৰ্ণ নহ’ল জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য
বাৰিষাৰ সময়ত প্ৰতি মাহত ৬-৭ বাৰকৈ এনেদৰে কাম কৰিব লাগে অঞ্চলটোৰ দুৰ্ভগীয়া কৃষক সকলে । তথাপিও হাৰমনা নাই কৃষক ৰাইজ ।
চৰকাৰক অপেক্ষা নকৰি নিজৰ গাঠিৰ ধনেৰে পাগলাদিয়া নদীত বান্ধ বান্ধিবলৈ ওলাই আহিল ৰাইজ। বান্ধ বন্ধাত নিজে লাগিল হাতে কামে ।
বহু বছৰ ধৰি ১ নং চাউলকাড়া পাগলদিয়া গ্ৰুপ দোং বান্ধ সমিতিয়ে এনেদৰে বান্ধ নিৰ্মাণৰ কাম কৰি খেতি কৰি আহিছে বছৰটোৰ প্ৰত্যেক মাহতে ৷ ঠিক তেনেদৰে শুক্ৰবাৰেও নদীত বান্ধ বন্ধাৰ বাবে ৰাইজ ওলাই আহিল সদল বলে |
কৃষক সকলৰ অভিযোগ দেশে স্বাধীনতা লাভ কৰাৰ পিচত বহু চৰকাৰ আহিল আৰু গ’ল ৷ কিন্তু কোনো এখন চৰকাৰেই তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত একো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷
প্ৰতিবছৰেই নিৰ্বাচনৰ সময়ত প্ৰাৰ্থী সকল উক্ত স্থানত উপস্থিত হৈ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে ভোট ভিক্ষা কৰে যদিও নিৰ্বাচন শেষ হোৱাৰ পাছতেই তেঁওলোকৰ সমস্যালৈ পিঠি দিয়ে ৷ অত্য়ন্ত ক্ষোভ প্ৰকাশ কৰি অঞ্চলটোৰ এই দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে চাউলকাড়াবাসী কৃষক ৰাইজে ৷