গোৰেশ্বৰঃ বাক্সা জিলাৰ বেতনা মৌজাৰ অন্তৰ্গত নাটকুছি গাঁৱৰ এগৰাকী কবিৰ দুৰ্বিষহ জীৱন।
জীৱনৰ ৫৮ টা বসন্ত গৰকা কবি গৰাকী “কামেশ্বৰ শিৱম” নামেৰে পৰিচিত। সৰুৰে পৰা সাংস্কৃতিক নগৰী তেজপুৰত থাকি ব্যৱসায় কৰিছিল এই গৰাকী লোকে। তাতে তেওঁৰ সাহিত্যৰাজিয়ে সমাদৰ লাভ কৰে।
তেজপুৰৰ কেইবাটাও সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত কামেশ্বৰ শিৱমে লিখা কবিতাসমূহ দূৰদৰ্শন আৰু আকাশবাণীৰ বিভিন্ন অনুষ্ঠানৰ জৰিয়তে প্ৰকাশিত আৰু প্ৰচাৰিত হোৱাৰ লগতে বহু আলোচনী, বাতৰি কাকত, পত্ৰিকা আদিতো প্ৰকাশিত হৈছে।
কামেশ্বৰ শিৱমৰ কবিতাসমূহ আজিও পাঠক সমাজৰ মাজত সমাদৃত। কিন্তু যোৱা প্ৰায় দুবছৰে এক অচিন ৰোগত ভুগি আছে কবিগৰাকীয়ে।
কাপোৰৰ ব্যৱসায় কৰা কামেশ্বৰ শিৱমে প্ৰায় ২৬ -২৭ বছৰত তেজপুৰত তেজপুৰ সাহিত্য সভাকে ধৰি বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত হৈ পৰিছিল।
দুবছৰ পূৰ্বে মূৰত আঘাট পোৱাৰ পিছত প্ৰথমে স্নায়ু ৰোগত ভুগে কামেশ্বৰ শিৱম। তেওঁ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল। চিকিৎসাৰ নামত যথেষ্ঠ টকা পইচা খৰচ কৰিও সুফল পোৱা নাই কামেশ্বৰ শিৱমে।
এতিয়া গোৰেশ্বৰৰ ঘৰতে শয্যাগত অৱস্থাত আছে কবিগৰাকী। চিকিৎসাৰ নামত বহু টকা-পইচা খৰছ কৰিলে যদিও আজিও সুষ্ঠ হৈ নুঠিল।
লগতে পঢ়কঃড্ৰাগছসহ জালত পৰা জামাল আলী আৰক্ষীৰ গুলীত আহত
চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ নিয়াৰ প্ৰয়োজন যদিও অৰ্থৰ অভাৱৰ বাবে থমকি ৰ’ব লগীয়া হৈছে।
নাওকাটাৰো কেইবাটাও সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত এই গৰাকী কবি। কিন্তু খবৰ ল’বলৈ যে কাৰোৱে নাই আহৰি।
পৰিয়ালটোৰ মূল উপাৰ্জনকাৰী আছিল কামেশ্বৰ শিৱম কিন্তু তেওঁৰ এই দুৰাৱস্থাৰ বাবে এতিয়া মাথো চকুলো টুকিব লগা হৈছে।
কোনো হৃদয়ৱান লোকে তেওঁঁক সহায় আগবঢ়াব বিচাৰিলে ইউনাইটেড বেংকৰ তেজপুৰ শাখাৰ একাউন্ট নম্বৰ- ০০১০০১০৩৬২২৯০ আইএফএচচি নম্বৰ-ইউটিবিআই০টিইজেড৩১০ সাহাৰ্য আগবঢ়াব পাৰিব। এতিয়া মুখ্যমন্ত্ৰীৰ লগতে দল সংগঠনৰো সহায় বিচাৰিছে দুৰ্ভগীয়া পৰিয়োলটোৱে।