বাক্সাঃ দৰঙাজুলী মণ্ডলৰ যুৱ মৰ্চাৰ উদ্যোগত ভূটান গেটৰ সন্মুখত ছেনিটাইজেছন কাৰ্যসূচী ৰূপায়ন।
বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভুটান গেটৰ পৰা গেৰেজ লাইলৰ দোকান পোহৰত চেনিটাইছ কৰাৰ লগতে মাক্স বিতৰণ কৰে।
জানিব পৰা মতে কভিড ১৯ ৰ পৰা পৰিত্ৰাণ পাবলৈ এই কাৰ্যসূচী ৰূপায়ন কৰা হৈছে । উক্ত কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টীৰ দৰঙাজুলী মণ্ডলৰ সভাপতি সত্যজিত পাঠক, দৰঙাজুলী মণ্ডলৰ যুৱ মৰ্চাৰ সভাপতি ৰনোজ ৰাভা, সাধাৰণ সম্পাদক আশীচ প্ৰধান, টি চি এল চি চি ৰ উপ অধ্যক্ষ ৰেবিট নাৰ্জাৰী, দৰঙাজুলী মণ্ডলৰ উপ সভাপতি কেশৱ ঘিমিৰেৰ লগতে যুৱ মৰ্চাৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকে।
আৰু পঢ়কঃমঙলবাৰৰ পৰা নতুন নীতি নিৰ্দেশনা, শিথিল হোৱাৰ সম্ভাবনা