বাক্সাঃ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মাইক্ৰ’ফাইনেঞ্চৰ সকলো ঋণ ৰেহাই দিয়া হ’ব বুলি নিৰ্বাচনী সভাত ঘোষণা কৰিছিল । কিন্তু চৰকাৰ গঠনৰ ঠিক এমাহ সম্পূৰ্ণ নৌহওঁতেই ওলোটা খৰ মাৰিলে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে।

মাইক্ৰ’ফাইনেঞ্চৰ ঋণ লৈ স্বাৱলম্বী হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাৰো বহু মহিলা।

মাইক্ৰ’ফাইনেঞ্চৰ ক্ষেত্ৰত এতিয়া ৰাজ্য চৰকাৰে জাৰি কৰিছে নতুন নিয়ম । এই নিয়ম অনুসৰি ২০২০ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ঋণ লোৱা সকলক ৰেহাই দিয়াৰ লগতে এই লোকসকলৰ বাৰ্ষিক আয় বছৰি ১ লাখ টকাতকৈ কম আৰু যিকোনো ধৰণৰ যান বাহন থাকিব নালাগিব।

আৰু পঢ়কঃব্যতিক্ৰমি কামকাজেৰে চৰ্চিত হৈছে চৰাইদেউৰ এজন যুৱক

লক্ষ্যণীয়ভাৱে চৰকাৰে জাৰি কৰা এই নতুন নিয়মাৱলী সন্দৰ্ভত মুঠেই সন্তুষ্ট নহয় বাক্সা জিলাৰ পলাশগুৰি গাওঁৰ মহিলাসকল। এই মহিলা সকলে আৰজিভিএন, এলএনটিকে ধৰি বহু মাইক্ৰ’ফাইনেঞ্চৰ পৰা ঋণ লৈ স্বাৱলম্বী হৈছিল ।

নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণাক আদৰণি জনাইছিল যদিও এতিয়া চৰকাৰে কেইবাটাও চৰ্ত আৰোপ কৰি ওলোটা খৰ মৰাত অসন্তুষ্ট হৈ পৰিছে এইসকল গ্ৰামাঞ্চলৰ মহিলা ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply