সোণাৰিঃ চৰকাৰৰ সবকা সাথ, সবকা বিকাশ নীতি যে কেৱল শ্ল’গানহে সেই কথা ইতিমধ্যে প্ৰমাণিত হৈছে বিভিন্ন সময়ত। চৰাইদেউ জিলাৰ সোণাৰি বিধানসভা সমষ্টিতো চৰকাৰৰ এই নীতি যে প্ৰযোজ্য হোৱা নাই সেই কথা গ্ৰামাঞ্চলসমূহত এপাক ঘুৰিলেই জানিব পৰা যায়।
সোণাৰি সমষ্টিৰ অন্তৰ্গত বেঙেনাবাৰী পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ বালিজান গাওঁখনেই তাৰ এক উদাহৰণ। কাৰণ গাঁওখনৰ জনসাধাৰণে দীৰ্ঘদিন ধৰি পথৰ দূৰৱস্থাৰ লগতে বিশুদ্ধ খোৱা পানীৰ অভাৱত ভুগি আহিছে। তাৰ পিছতো কিন্তু কাণসাৰ নাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ।
গাঁও খনৰ প্ৰায় দুই কিলোমিটাৰ জুৰি থকা পথটোৰ বিধ্বস্ত অৱস্থাই জ্বলাকলা খুৱাইছে জনসাধাৰণক। পথৰ ওপৰত সৃষ্টি হোৱা পুখুৰী সদৃশ দ’গাঁতৰ বাবেই জীয়াতু ভুগি আহিছে ৰাইজে।
ইফালে বিশুদ্ধ খোৱা পানীৰ অভাৱত ভুগা গাওঁবাসীয়ে খৰালি কালত কাষৰ পাহাৰীয়া নদীৰ পানী সংগ্ৰহ কৰাৰ বিপৰীতে বাৰিষা পুখুৰীৰ পানী খাবলগীয়া হৈ আহিছে।
আৰু পঢ়কঃঅকালতে দৃষ্টিশক্তি হেৰুওৱা গোৰেশ্বৰৰ প্ৰাণজিতৰ জীৱন সংগ্ৰাম
কোনো কোনো লোকে যদিও দমকলৰ পানী ব্যৱহাৰ কৰে সেয়াও অধিক আইৰণযুক্ত হোৱা হেতুকে খোৱাৰ অনুপযোগী।
আনহাতে গাঁওখনৰ জনসাধাৰণে বিপদসংকুলভাৱে লাভ কৰিছে বিদ্যুতৰ সংযোগ। লোহাৰ পাইপ পুতি বাঁহৰ ঠেকা দি বিদ্যুত সংযোগ ল’ব লগীয়া হৈছে।
চৰকাৰী আঁচনিৰ বিদ্যুত সংযোগী খুঁটা তিনি বছৰমান আগতে ঠিকাদাৰে পুতিছিল যদিও আজিলৈকে সেয়া কাৰ্যক্ষম নহ’ল।
তাৰ বিপৰীতে গাওঁবাসীয়ে সাত/আঠবছৰমান আগতে ব্যক্তিগত খৰচত ক্ৰয় কৰা বিদ্যুত সংযোগৰ সুবিধা এতিয়া বিপদ সংকুলভাৱে গ্ৰহণ কৰিবলগীয়া হৈছে।
এতিয়া গাওঁখনৰ সমস্যাসমূহ শীৰ্ঘ্ৰে সমাধান কৰিবলৈ চৰকাৰক বিনম্ৰ আহ্বান জনাইছে জনসাধাৰণে।