বালিপাৰাঃ শোণিতপুৰৰ বালিপাৰাত নিষিদ্ধ হেৰোইন জব্দ। চাৰিদুৱাৰ আৰক্ষীয়ে আটক কৰিছে ১০টাকৈ হেৰোইন ভৰ্তি কন্টেনাৰসহ দুজনকৈ সৰবৰাহকাৰীক। এক গোপন সূত্ৰৰ ভিত্তিত চাৰিদুৱাৰ থানাৰ যানবাহন শাখাৰ আৰক্ষী মহিবুল আলীয়ে আটক কৰে দুই সৰবৰাহকাৰীক।
লগতে পঢ়কঃদুলীয়াজানত বিদ্যালয়ৰ সন্মুখৰ পৰাই ছাত্ৰীক অপহৰণৰ চেষ্টা
আটকাধীন দুই যুৱক ক্ৰমে ইছলাম আলী আৰু ৰাহুল ইছলাম। বালিপৰাত হেৰোইন বিক্ৰী কৰিব যো-জা কৰোঁতেই আৰক্ষীৰ জালত পৰে দুই ব্যৱসায়ী। জব্দকৃত হেৰোইনখিনিৰ ওজন ০.৪৭ গ্ৰাম। হেৰোইনখিনিৰ আনুমানিক মূল্য প্ৰায় ৩০ হাজাৰ টকা হ’ব বুলি আৰক্ষীয়ে জনাইছে। যানবাহন আৰক্ষীয়ে খেদি খেদি আটক কৰে দুই সৰবৰাহকাৰীক।