বালিপাৰাঃ কোৰোনা মহামাৰীয়ে যি সময়ত সমগ্ৰ ৰাজ্যত ভয়ংকৰ ৰূপ লৈছে। এই সংকটৰ সময়ত চিকিৎসালয় সমূহেই ৰাইজৰ একমাত্ৰ ভৰষাৰ স্থল। পিছে এনে সময়তে সংঘটিত হ’ল ভয়ংকৰ ঘটনা।

শোণিতপুৰ জিলাৰ বালিপৰাৰ বামগাওঁ চাহ বাগিছাৰ চিকিৎসালয়ৰ দুগৰাকী নাৰ্চৰ গাফিলতিৰ বাবে জীয়াতু ভূগিছে এজন চাহ শ্ৰমিকে।

উল্লেখ্য যে চাহ বাগিচাখনৰ সঞ্জু কন্ধ নামৰ এজন শ্ৰমিকে মানসিক ৰোগৰ চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজ হস্পিতালত চিকিৎসা কৰাই আছিল। ৰোগী গৰাকী কিছু আৰোগ্য হৈ উঠাত নিজ গৃহলৈ প্ৰেৰন কৰিছিল।

চিকিৎসকে শ্ৰমিকজনক ৩০ মাহলৈ ৩০ টাকৈ বেজি ল’বলৈ অনুমতি দিছিল। শ্ৰমিক জনে চিকিৎসকৰ পৰামৰ্শ মতেই চাহ বাগিছাখনৰ চিকিৎসালয়খনত বেজি ল’বৰ বাবে উপস্থিত হ’ল।বাগিছাৰ চিকিৎসালয়খত থকা দুগৰাকী নাৰ্চে শ্ৰমিক জনক প্ৰত্যেক মাহত ১টাকৈ বেজী দিয়াৰ বিপৰীতে ১দিনত ১ টাকৈ বেজি দি শেষ কৰিলে বেজিৰ সম্পূৰ্ন কৰ্ছ।

বেজি লোৱাৰ পাছৰে পৰা শ্ৰমিক জন শাৰীৰিক ভাৱে দুৰ্বল হৈ পৰাত হে এই ঘটনা পোহৰলৈ আহে। এতিয়া সমগ্ৰ ঘটনাক লৈ চাহ বাগিছাখনত এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জাঙুৰ খাই উঠিছে সকলো শ্ৰমিক তথা দল সংগঠন। বিষয়টো সন্দৰ্ভত উচিত তদন্ত কৰিবৰ বাবে বাগিছা কৰ্তৃপক্ষক দাবী জনাইছে।

আৰু পঢ়কঃ৪৪ দিন পিছত দেশত সবাতোকৈ কম লোক ক’ভিডত আক্রান্ত হয় বৃহস্পতিবাৰে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply