বালিপাৰা,চিৰাংঃ কিছুদিনধৰি পৰি থকা নেৰা নেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বানে ৰাজ্যত কালৰূপ ধাৰণ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বালিপাৰাতো বানৰ সংহাৰী ৰূপ অব্যাহত আছে। বালিপৰাত বানপানীত আৱদ্ধ লোকক উদ্ধাৰ অভিযানত এন ডি আৰ এফ বাহিনী৷ শুকুৰবাৰে বানপানী পৰিভ্ৰমণ কৰি বানাক্ৰান্ত ৰাইজৰ উদ্ধাৰ অভিযানৰ বুজ লয় সমষ্টিৰ বিধায়ক কৃষ্ণকমল তাঁতীয়ে।

এন ডি আৰ এফ বাহিনীৰ সৈতে উদ্ধাৰ অভিযানত নামিল সমষ্টিৰ বিধায়ক কৃষ্ণকমল তাঁতী। ডিপোটা নদীৰ বাঢ়নী পানীয়ে বৃহত্তৰ বাঁহবাৰী মৌজাৰ বহুকেইখন গাওঁ প্লাৱিত কৰিছে।

লগতে পঢ়কঃবাঘমাৰাত ভূমিস্খলনত নিহত তিনিজনকৈ লোক

ইফালে, যোৱা কেইবাদিনৰ পৰা পৰি থকা ধাৰাষাৰ বৰষুণৰ ফলত ফেনে ফোটোকাৰে বাঢ়ি অহা মাক্ৰা নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে চিৰাঙৰ বিস্তৃৰ্ণ অঞ্চল। ইয়াৰোপৰি বাগৰগাঁৱত মাক্ৰা নৈৰ ভয়ংকৰ খহনীয়া।

বিটিআৰৰ কাৰ্য্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী

শুকুৰবাৰে বাগৰগাঁৱত উপস্থিত হয় বিটিআৰৰ কাৰ্য্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী। বাগৰগাঁৱৰ দৈনিক বজাৰখনো খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে। ধনঞ্জয় বসুমতাৰীয়ে খহনীয়া পৰিদৰ্শন কৰি প্ৰতিৰোধৰ বাবে বিজনী মহকুমা প্ৰশাসনক নিৰ্দেশ দিয়ে। লগতে এই ক্ষেত্ৰত তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ মন্তব্য কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply