গুৱাহাটী – অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত সকলৰ লগতে সংবাদ মাধ্যমৰ লােকলৈ এইবাৰ পােষ্টেল বেলটৰ সুবিধা।অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰীসকলৰ লগতে ভাৰতৰ নির্বাচন আয়ােগে এইবাৰ আয়ােগৰ স্বীকৃতিপ্রাপ্ত সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যক্তিসকলক তেওঁলােকৰ ভােটাধিকাৰ সাব্যস্ত কৰাত সহায়ক হােৱাকৈ পােষ্টেল বেলটৰ সুবিধা প্রদান কৰিছে।

জন প্রতিনিধি আইন, ১৯৫১ ৰ ৬০ ধাৰাৰ দফা (চি)ৰ অধীনত নির্বাচন আয়ােগে জাৰি কৰা অধিসূচনা অনুসৰি বিদ্যুৎ বিভাগ, বি এছ এন এল, ৰেল, স্বাস্থ্য বিভাগৰ অধীনৰ স্বাস্থ্য কর্মী, বিমান পৰিবহণ, অসম ৰাজ্যিক পৰিবহণ নিগমৰ দীর্ঘ-দূৰত্বৰ সেৱাৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰীসকল, অগ্নিনির্বাপক সেৱা, যানবাহন আৰক্ষী, স্বাস্থ্য বিভাগৰ অধীনৰ এম্বুলেঞ্চ সেৱা, জাহাজ পৰিবহণৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে ভাৰতৰ নির্বাচন আয়ােগৰ স্বীকৃতিপ্রাপ্ত যিসকল সাংবাদিক ভােট গ্রহণৰ দিনা সংবাদ সেৱাত নিয়ােজিত থাকিব তেওঁলােকক জৰুৰী সেৱাত অন্তর্ভুক্ত কৰি পােষ্টেল বেলটৰ সুবিধা প্রদান কৰা হৈছে।

ভােট গ্রহণৰ দিনা নিজৰ কৰ্যৰ খাতিৰত নির্দিষ্ট ভােট গ্রহণ কেন্দ্ৰত সোঁ-শৰীৰে উপস্থিত থাকিব নােৱাৰা এই অত্যাৱশ্যকীয় সেৱাত জড়িত ব্যক্তিসকলক নিজৰ ভােটাধিকাৰ সাব্যস্তৰ সুবিধা প্রদান কৰাৰ বাবে নির্বাচন আয়ােগে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। পােষ্টেল বেলটৰ সুবিধা প্রদানৰ বাবে সংশ্লিষ্ট বিভাগসমূহক ন’ডেল বিষয়া মনােনীত কৰিবলৈও পৰামৰ্শ আগবঢ়াইছে নির্বাচন আয়ােগে। এই ন’ডেল বিষয়া গৰাকীয়ে সংশ্লিষ্ট বিভাগৰ ভােটাদাতাসকলক পােষ্টেল বেলটৰ বিষয়ে অৱগত কৰােৱাব লাগিব। উক্ত ন’ডেল বিষয়া গৰাকীৰ ওচৰত নির্বাচন নিয়মাৱলী, ১৯৬১ ৰ সৈতে সংযুক্ত ১২ (ডি) প্ৰ-পত্ৰখন থাকিব লাগিব বুলি নির্বাচন আয়ােগৰ অধিসূচনাখনত কোৱা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply