গোৰেশ্বৰঃ বিভিন্ন কৃষ্টি সংস্কৃতিৰে পৰিপূৰ্ণ অসমীয়া জাতি-জনগোষ্ঠী।
বিভিন্ন জনগোষ্ঠীয়ে নিজ নিজ পৰম্পৰাৰে জীপাল কৰি ৰাখিছে অসমীয়া সংস্কৃতিৰ পথাৰখন।
ভাদ মাহৰ পবিত্ৰ পূৰ্ণিমা তিথিৰ দিনাখন বাক্সা জিলাৰ গোৰেশ্বৰত শৰণীয়া-কছাৰী সকলে পৰম্পৰা ৰক্ষা কৰি উদযাপন কৰিছে বাম্বোলপিটা উৎসৱ।
লগতে পঢ়কঃদৰ্শনাৰ্থীৰ বাবে মুকলি হ’ল কন্যকা কৃষি পামত প্ৰতিষ্ঠা কৰা নামঘৰ
শৰণীয়া-কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত গোৰেশ্বৰৰ ৰামছা গাওঁত গৃহস্থৰ পদুলিয়ে পদুলিয়ে বাম্বোলপিটা উৎসৱ পালন কৰে।
বাম্বোলপিটা এই উৎসৱত গৃহস্থৰ মংগল কামনা কৰি আৰ্শীবাদ দিয়াৰ লগতে অপায় অমংগল দূৰ হোৱাৰ কামনা কৰে।