তামুলপুৰ : বাক্সা জিলাৰ তামুলপুৰ মহকুমাত বৰলীয়া নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে এখন বাঁহৰ সাঁকো। দ্বাৰকুছি-ৰাঙাপানী-কাউৰবাহা সংযোগী পথৰ লাছিঘাটত থকা বাঁহৰ সাঁকো দেওবাৰে উটুৱাই নিয়ে বৰলীয়া নৈৰ বাঢ়নী পানীয়ে। কিছু বছৰ পূৰ্বে লাছিঘাটত বৰলীয় নৈৰ ওপৰত এখন কাঠৰ দলঙ আছিল যদিও সেইখন নৈৰ পানীয়ে উটুৱাই নিয়াত স্থানীয় ৰাইজে বাঁহৰ সাঁকো সাজি সাঁকোখনৰ ওপৰেৰে যাতায়ত অব্যাহত ৰাখিছিল।
প্ৰতিবছৰে স্থানীয় ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি বাঁহৰ সাঁকো নিৰ্মাণ কৰি যাতায়ত অব্যাহত ৰাখে যদিও সাঁকোখন উটুৱাই নিয়াত যাতায়ত বন্ধ হৈ পৰে। সাঁকোখন উটুৱাই নিয়াত কেইবাখনো গাঁৱৰ হেজাৰ হেজাৰ সৰ্বসাধাৰণ ৰাইজৰ লগতে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰী আৰু ৰোগীৰ বাবে বন্ধ হৈ পৰিছে যাতায়ত।
লগতে পঢ়ক : টকিঅ’ অলিম্পিকৰ বাবে হিমাৰ অন্তিমটো সুযোগ
অতি শীঘ্ৰে দ্বাৰকুছি-ৰাঙাপানী-কাউৰবাহা পথত এখন পকী দলংৰ নিৰ্মাণৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচি প্ৰধান প্ৰমোদ বড়োক অনুৰোধ জনাইছে এবিএমছু আৰু স্থানীয় ৰাইজে। চৰকাৰে অতি শীঘ্ৰে দলঙখন নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে এবিএমছুয়ে।