ঢকুৱাখনা মহকুমাৰ বিভিন্ন নদী, জলাশয় ,বিল আদিত থকা থলুৱা বিভিন্ন প্ৰজাতিৰ মাছ মীন আইনৰ অধীনত মহকুমাটোৰ অসামৰিক প্ৰশাসনে ধৰাতো নিসিদ্ধ কৰিছে। মাছ কাছৰ এনে সময়ত বংশ বৃদ্ধি সময় বাবেই ধৰা নিষিদ্ধ ঘোষণা কৰিছে। ঢকুৱাখনা মহকুমা প্ৰশাসনে।
চৰকাৰৰ নিদেৰ্শৰ পিছতো ঘিলামৰা আৰক্ষী থানাৰ সমীপতে ৰাজপথৰ দাঁতিত মুকলি ভাবে মাছ মাৰি থকাৰ পিছতেই ৰাইজৰ অভিযোগৰ পিছত সষ্টম হৈ পৰে আৰক্ষী প্ৰশাসন। ঘিলামৰা থানাৰ উপ পৰিদর্শক হেমন্ত কোঁৱৰৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অভিযান চলাই। এই অভিযানত আৰক্ষীয়ে জলাশয়ত পাতি থোৱা জাল , ডিঙৰা আদি মাছ ধৰা সঁজুলি সমূহ জব্দ কৰে।
আনহাতে তিনিচুকীয়া জিলাত আগন্তুক ৩১ জুলাইলৈকে কণী থকা গাভিনী মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰিছে। আনহাতে আগন্তুক ১ আগষ্টৰ পৰা ৩১ অক্টোবৰ পৰ্যন্ত অপৈণত অৱস্থাত থকা মাছ ধৰা আৰু বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰা গৈছে। অসম চৰকাৰৰ মীন নীতি-১৯৫৩ (সংশোধিত ২০০৫) অনুসৰি এই নিষেধাজ্ঞা জাৰি কৰা হৈছে।
জিলা প্ৰশাসনে জাৰি কৰা এই নিষেধাজ্ঞা তথা আইন ভংগ কৰাসকলক অসম মীন আইনৰ ২২ নং আৰু ৪১নং ধাৰা অনুসৰি জৰিমনা বিহাৰ লগতে ব্যৱহাৰ হোৱা জাল, অন্যান্য মাছ ধৰা সঁজুলি আদি বাজেয়প্ত কৰা হ’ব৷ ইয়াৰ উপৰিও ভাৰতীয় মীন আইন ১৮৯৭ ধাৰা ৭(১), মীন আইন ১৯৫৩ চনৰ ২৭নং ধাৰা অনুসৰি উক্ত আইন ভংগকাৰীক গ্রেপ্তাৰ কৰাৰ লগতে আইন অনুসৰি শাস্তি প্রদান কৰা হ’ব বুলি জানিবলৈ দিছে।