ডঃ অন্তৰা বৰা

আধুনিক অসমীয়া সাহিত্যৰ বিৱৰ্তনক উল্লেখনীয় ভাৱে সমৃদ্ধ কৰিছে অসমীয়া উপন্যাস সাহিত্যই। বিশেষকৈ ৰামধেনু যুগ (1940 1970) তথা তাৰ পৰৱৰ্তী অসমীয়া উপন্যাসত প্ৰতিফলিত হৈছে যুদ্ধোত্তৰ, উত্তৰ ঔপনিবেশিক সময়ৰ পৰিৱৰ্তনৰ ধুমুহাই কোবাই যোৱা অসমৰ সমাজ জীৱনৰ নানা সংঘাত আৰু উত্থান পতনৰ স্নেপশ্বট। দ্বিতীয় মহাসমৰৰ পটভূমিত ৰচিত দেৱেন্দ্ৰ নাথ আচাৰ্যৰ জংগম; আদিবাসী চাহ জনগোষ্ঠীয় লোকৰ প্ৰব্ৰজনৰ ওপৰত ৰচিত উমা শৰ্মাৰ ‘এজাক মানুহ, এখন অৰণ্য ‘ আদিৰ দৰে অসমীয়া উপন্যাসত বর্ণিত হৈছে ঔপনিবেশিকতাই সৃষ্টি কৰা উদ্বাস্তু,দিশহাৰা মানুহৰ ব্যাথা আৰু জীয়াই থকাৰ তাড়নাত সৃষ্টি হোৱা দুৰন্ত সংগ্ৰামৰ মৰ্মগাথাঁ। পৰম্পৰাগত সামন্তবাদী,ধৰ্মীয় সমাজৰ শ্ৰেণী গঠনে মানৱতাক পংগু কৰি ৰখাৰ বিষয়ে অতি শক্তিশালী কখনেৰে অসমীয়া উপন্যাসত বর্ণিত হৈছে, বিশেষকৈ বিংশ শতিকাৰ অন্যতম শ্রেষ্ঠ অসমীয়া উপন্যাসিক মামণি ৰয়চম গোস্বামীৰ উপন্যাসত। অৰুণ শৰ্মাৰ ‘আশীৰ্বাদৰ ৰং’ অৰূপা পটংগীয়া কলিতাৰ ‘ফেলানী’ দৰে সাম্প্ৰতিক অসমীয়া উপন্যাস সাহিত্যত ফুটি উঠিছে গোষ্ঠী সংঘৰ্ষ আৰু সাম্প্ৰদায়িক বিভেদৰ জুইয়ে প্ৰাণৰস শুহি নিয়া এখন সমাজৰ নিষ্ঠুৰতাৰ বিৰুদ্ধে যুজাৰু মানৱতাৰ জয়গান।

‘বঙল বহু দূৰ’ উত্তৰ ঔপনিবেশিক যুগৰ অসমীয়া উপন্যাস সাহিত্যৰ পৰিৱৰ্তনশীল সমাজ ৰাজনৈতিক তথা ঐতিহাসিক বাস্তৱতাৰ ওপৰত প্রতিষ্ঠিত আধুনিক ধাৰাটোৰেই এক নৱতম উপন্যাস। উপন্যাস খনৰ পটভূমি প্ৰাক্‌ স্বাধীনতা যুগৰ নামনি অসমৰ কামৰূপ তথা উত্তৰ বংগৰ সমাজ জীৱন তথা সেই সমাজৰে ভিন্ন চৰিত্ৰক নানা ৰূপত প্ৰভাৱিত কৰা দেশ বিভাজন তথা শৰণাৰ্থী সকলৰ প্ৰব্ৰজন। উপন্যাসৰ মূল চৰিত্ৰ অনন্ত ঠাকুৰ সেই সময়ত কামৰূপৰ পৰা উত্তৰ বংগলৈ গৈ যজমানী বৃত্তিত নিয়োজিত হৈ পৰা এজন দুখীয়া ব্ৰাহ্মণ। অনন্ত ঠাকুৰে নামনি অসমৰ পৰা বহু দূৰৈৰ ‘বঙল’ত থাকিব লগা হোৱা বাবেই স্থানীয় লোক সকলৰ মাজত ‘বঙলা পিতে’ নামেৰে জনাজাত হৈ পৰিছিল। অনন্ত ঠাকুৰ তথা তেওঁক তুলি তালি ডাঙৰ দীঘল কৰা বৌৱেক প্ৰিয়ম্বদা আৰু তেওঁৰ পত্নী কালিন্দীক কেন্দ্ৰ কৰি উপন্যাস খনৰ কাহিনী ভাগে গতি লাভ কৰিছে। অনন্ত ঠাকুৰৰ অনুপস্থিতিত তিনিটি সন্তানক লগত লৈ অতি কষ্টকৰ জীৱন যাত্ৰাত নমা কালিন্দীৰ প্ৰিয়ম্বদাৰ প্ৰতি মনোভাৱে এক প্রবল মানসিক অন্তর্দ্বন্দ্বৰ ৰূপ লবলৈ আৰম্ভ কৰোতেই এদিন সুখ আৰু নিৰাপত্তাৰ সন্ধানত অনন্ত ঠাকুৰৰ সৈতে কালিন্দী আৰু তেওঁৰ সন্তান কেইটি উত্তৰ বংগলৈ গুচি গৈছে। উত্তৰ বংগৰ জমিদাৰৰ অধীনৰ মন্দিৰত তথা ৰায়ত সকলৰ ঘৰত পূজা পাতাল কৰি জীৱন নিৰ্বাহ কৰা অনন্ত ঠাকুৰৰ দৃষ্টিৰে লেখিকাই বংগৰ সামন্তীয় ভূমি ব্যৱস্থা আৰু দৰিদ্ৰ ৰায়ত, ভূমিহীন কৃষক সকলৰ অৱস্থাৰ বৰ্ণনা কৰিছে। সামন্তীয় ব্যৱস্থাৰ বিৰুদ্ধে বংগত আৰম্ভ হোৱা কৃষক আন্দোলন তথা কমিউনিষ্ট সকলৰ জমিদাৰ বিৰোধী সশস্ত্ৰ প্ৰতিৰোধ সংগ্রামে অনন্ত ঠাকুৰৰ জীৱনৰ দিশ সলনি কৰি দিছে। ঠাকুৰৰ নিজৰ সন্তান চন্দ্রনাথো এদিন কমিউনিষ্ট সকলৰ সংস্পৰ্শলৈ আহিছিল। জমিদাৰৰ সৈতে কমিউনিষ্ট সকলৰ সংঘাত, জমিদাৰতন্ত্ৰৰ বিৰুদ্ধে নতুন চৰকাৰৰ বৈপ্লৱিক পদক্ষেপ আদি নতুন যুগৰ পৰিৱৰ্তনে অনন্ত ঠাকুৰক বাধ্য কৰিছিল পূৰ্ব বংগৰ ৰামশাহী অঞ্চললৈ জীৱিকাৰ সন্ধানত পুনৰ যাত্ৰা কৰিবলৈ। ইতিমধ্যে চন্দ্রনাথ ক কমিউনিষ্ট সন্দেহত পুলিচে আটক কৰিছিল। পূৰ্ব বংগত অনন্ত ঠাকুৰ সন্মুখীন হৈছিল দেশ বিভাজনৰ বিভীষিকা আৰু সাম্প্ৰদায়িক মুছলিম লীগৰ উত্থানৰ,তেওঁ দেখিছিল মুছলিম লীগৰ সাম্প্ৰদায়িক পাকিস্তানৰ শ্লোগানৰ বাঢ়ি অহা জনপ্রিয়তা, অথচ কমিউনিষ্ট সকলৰ প্ৰভাৱলৈ অহা গ্ৰাম্যাঞ্চলৰ কৃষক সমাজৰ মাজত বিভেদৰ বীজাণুৱে যেন খোপনি পুতিবলৈ ব্যৰ্থ হৈছিল, মুছলমান যুৱকেই তেওঁক সুৰক্ষা প্ৰদান কৰিছিল। অৱশেষত তেওঁ সক্ষম হৈছিল চন্দ্ৰনাথক পূর্ব বংগৰ মৈমনসিংহ জিলাৰ কাৰাগাৰৰ পৰা মুকলি কৰি আনিবলৈ। দেশবিভাজনে এদিন অনন্ত ঠাকুৰক পূৰ্ববংগৰ পৰা পুনৰ অসমলৈ আহিবলৈ বাধ্য কৰিছিল আৰু নিজ জন্মভূমিতেই শৰণাৰ্থীত পৰিণত হোৱা অনন্ত ঠাকুৰে সেই বিপদসংকুল যাত্রা পথতেই মৃত্যুক সাৱটি লৈছিল। শেষ যাত্ৰাৰে তেওঁ নিজৰ আপোন ঠাইৰ বুঢ়াদিয়া নৈৰ পাৰৰ ধূলিৰ সৈতে মিহলি হৈ গৈছিল। এই মূল কাহিনীৰ লগতে নামনি অসমৰ সামন্তীয় ব্যৱস্থাটোৰ সৈতে যুক্ত অন্যান্য বহু চৰিত্ৰৰ জীৱন গাঁথাক সামৰি লোৱা

উপন্যাস খন এক বিশেষ সময়ৰ ইতিহাস আৰু মানুহৰ সংগ্ৰামৰ দস্তাবেজ হৈ উঠিছে। উপন্যাস খন লেখিকাৰ এক উৎকৃষ্ট সাহিত্য কৃতীয়েই নহয়; ই পশ্চিম অসমৰ জনগণৰ নৃ-গোষ্ঠীয় ইতিহাসৰো এক জীৱন্ত আলেখ্য । ‘বঙলা পিতে’ৰ কাহিনীৰ দ্বাৰা লেখিকাই প্ৰাক্ ঔপনিবেশিক যুগৰ কামৰূপৰ গ্ৰাম্য জীৱনৰ আৰ্থ সামাজিক অৱস্থাৰ এক প্ৰতিচ্ছৱি অংকন কৰিছে। ভিন্ন অঞ্চল, ধর্ম, বর্ণ, শ্ৰেণী আৰু লিংগ ভিত্তিক বৈচিত্ৰ্যতাৰ মাজতে সহাৱস্থান আৰু আন্তঃসম্পর্ক (Cross Cutting ties) তথা গ্ৰাম্য জীৱনত মানুহৰ দৈনন্দিন অভিজ্ঞতা আৰু জীৱন সংগ্ৰামৰ কাহিনীকেই উপন্যাস খনিৰ জৰিয়তে তুলি ধৰিবলৈ লেখিকাই প্ৰয়াস কৰিছে। উপন্যাসখনৰ কাহিনীয়ে উল্লেখনীয় ভাৱে দেশ বিভাজনৰ মৰ্মস্তুদ বেদনাৰ গাথাঁক বৰ্ণনা কৰিছে; যি দেশ বিভাজনে প্রায় সহস্রাব্দজুৰি একেলগে, সমিলমিলে থকা সম্প্রদায়ক সমূহক পৰস্পৰৰ পৰা নিদাৰুণভাৱে বিচ্ছিন্ন আৰু বিতাড়িত কৰিছিল। ভাৰতীয় উপমহাদেশৰ এই বিভাজনৰ পটভূমিতেই উক্ত সম্প্রদায় সমূহে পৰস্পৰৰ মাজত আক্ৰমণ আৰু প্রত্যাক্রমণৰ মাজেৰে ভয়াৱহ উপগোষ্ঠীয় আৰু সাম্প্রদায়িক হিংসাত লিপ্ত হৈ পৰিছিল। নিঃসন্দেহে লেখিকাই উপন্যাস খনত বর্ণিত মূল চৰিত্ৰ সমূহৰ উপৰিও উদ্ধৱ ধেকীয়া গাজী আবু, মৌজাদাৰিণী, চন্দ্ৰনাথ, সৌমেন ঠাকুৰ, হাফিজ তথা আন আন বহু চৰিত্ৰৰ কাহিনীৰ বিষয়ে যথাযথ পূৰ্ব অধ্যয়ন আৰু বিস্তৃত গৱেষণা কার্য সম্পাদন কৰিছে।উপন্যাস খনৰ বিভিন্ন চৰিত্ৰৰ সৃষ্টিৰ ক্ষেত্ৰত লেখিকাই ভিন্ন আখ্যানক ব্যৱহাৰ কৰিছে। উপন্যাস খনৰ সামৰণিত লেখিকাই উল্লেখ কৰিছে যে বাস্তৱ জীৱনত তেওঁ সন্মুখীন হোৱা বিভিন্ন ব্যক্তি আৰু তেওঁলোকৰ জীৱনৰ বিবিধ আখ্যানকেই তেওঁৰ উপন্যাসৰ সমল হিচাপে গ্ৰহণ কৰা হৈছে। পশ্চিম অসমৰ এখন গাৱলৈ বিবাহ সূত্রে আগমন ঘটা লেখিকাৰ যুগ্ম জীৱনৰ নানা স্মৃতি আৰু অভিজ্ঞতাই মূলতঃ উপন্যাসখনৰ বিষয়বস্তু হৈ পৰিছে ।

নন্দিতা দেৱীৰ উপন্যাসৰ অন্যতম এক প্রাপ্তি এয়াই যে প্রায় বিলুপ্তিৰ গৰ্ভলৈ যোৱা এক বিশেষ উপভাষাই উপন্যাস খনৰ জৰিয়তে পুনৰ্জীৱন লাভ কৰিছে। উপন্যাসখনত লেখিকাই নামনি অসমৰ উপভাষাৰ বহুলভাৱে প্ৰয়োগ কৰিছে। উপন্যাস খন সেই অঞ্চলৰ অধিবাসী সকলৰ পৰম্পৰাগত আচাৰ, জীৱন পদ্ধতি তথা লোক ৰীতিৰ প্ৰতিবিম্বন স্বৰূপ হৈ উঠিছে। সাধাৰণতে নলবৰীয়া, কামৰূপীয়া আদি পশ্চিম অসমৰ উপভাষা সমূহক পশ্চাদপট সমাজৰ এক অনানুষ্ঠানিক পৰম্পৰা (Little tradition) ৰূপে গন্য কৰি অহা হৈছে। সিবোৰক আজি পর্যন্ত জনপ্রিয় মিডিয়া, চিনেমা, টি ভি চিৰিয়েল আদিত হাস্য-ব্যংগ চৰিত্ৰৰ মুখৰ ভাষা ৰূপে প্ৰক্ষেপ কৰি অহা হৈছে। কিন্তু এই উপন্যাস খনে একোটা উপভাষাক স্থানীয় জনগণৰ মুখৰ পৰম্পৰাগত অনানুষ্ঠানিকতাত

বন্দী কৰি ৰাখিব খোজা মূল সূতিৰ প্ৰভাৱশালী ধাৰণাৰ বিনিৰ্মাণ ঘটাবলৈ এক গুৰুত্বপূৰ্ণ প্ৰয়াস কৰিছে। এই উপভাষা সমূহ যিদৰে একোটা নিৰ্দিষ্ট জনসমষ্টিৰ বাবে গৌৰৱ আৰু স্বাভিমানৰ প্ৰতীক তেনেদৰে লৌকিক পৰম্পৰাগত চেতনা আৰু প্ৰমূল্যৰে ঐক্যবদ্ধ একোটা গোষ্ঠীৰ মাজৰ অন্তঃসম্পৰ্ক তথা পৰিচিতি নিৰ্মাণৰো আৰৰ মূল চালিকা শক্তি; ( সমাজতাত্ত্বিক অধ্যয়নত একোটা গোষ্ঠীগত সম্প্ৰদায়ৰ মাজত থকা এনে ধৰণৰ জৈৱিক, সামাজিক, সাংস্কৃতিক সম্পৰ্কৰ বুনিয়াদকেই Gemeinschaft আখ্যা দিয়া হৈছে। দেশবিভাজনৰ পৰিণতিত এখন পৰিৱৰ্তনশীল সমাজৰ বাস্তৱিক সমাজ-ৰাজনৈতিক পটভূমি কিদৰে সলনি হৈ পৰিছিল লেখিকাই তাৰ এক স্পষ্ট আভাস দিবলৈ যত্নপৰ হৈছে।

পৰ্যাপ্ত সাক্ষ্য প্রমাণেৰে কাহিনী ভাগত বৰ্ণনা কৰা হৈছে স্মৰণাতীত কালৰে পৰা পশ্চিম অসমৰ বিশেষকৈ নলবাৰী জিলাৰ পৰা পূৰ্বৰ অবিভক্ত বংগলৈ ঘটা ব্ৰাহ্মণ সকলৰ প্ৰব্ৰজনৰ কথা, যি সকল ব্ৰাহ্মণে বংগদেশত এটা সময়ত যজমানী প্ৰথাৰ আৰম্ভ কৰিছিল আৰু গ্ৰাম্যাঞ্চলত পূজা কৰ্ম আদি সম্পন্ন কৰিছিল। অবিভক্ত বংগৰ সাধাৰণ ৰাইজৰ মনত কামাখ্যা দেৱীয়ে বসবাস কৰা ভুখণ্ডৰ পৰা যোৱা এইসকল ব্ৰাহ্মণ ৰ প্ৰতি আছিল অবিচল ভক্তি আৰু সন্মান। আজিও বহুকেইটা অসমীয়া ব্রাহ্মণ পৰিয়ালে এতিয়াৰ বাংলাদেশৰ বিভিন্ন গাওঁত বসবাস কৰি আছে। লেখিকাই প্ৰাক্‌ ঔপনিবেশিক বংগৰ যজমানী প্ৰথাৰ ওপৰত বিস্তৰ আলোকপাত কৰিছে। দেশ বিভাজনৰ পূৰ্বৰ যি যজমানী ব্যৱস্থা আছিল তাত গাওঁ সমূহৰ অ-হিন্দু লোকসকলো অন্তর্ভুক্ত হৈছিল। লেখিকাই সেই সময়ৰ গ্ৰাম্যজীৱনক প্ৰভাৱিত কৰি ৰখা লোকাচাৰ পৰম্পৰাগত ৰীতি, বিশ্বাস আৰু অন্ধবিশ্বাস, বিভিন্ন সামাজিক তথা স্বাস্থ্যবিষয়ক অনুশীলন সমূহ, যাদুবিদ্যা, তন্ত্র-মন্ত্র, বিভিন্ন সমাজ আৰোপিত বাধা নিষেধ তথা সামাজিক নীতি নিয়ম আদিৰ যথাসাধ্য অন্বেষণ কৰিছে৷ একেদৰে তেওঁ বৰ্ণ, শ্রেণী, লিংগ আৰু ধৰ্মৰ বিবিধ পৰিসৰত মানুহৰ মাজত বৰ্তি থকা শুচিতা- অশুচিতাৰ ওপৰতো দৃষ্টি নিৱদ্ধ কৰিছে। তেওঁ উল্লেখ কৰিছে ব্ৰাহ্মণ সকলৰ মাজতো পৰিলক্ষিত জীৱিকা ভিত্তিক বিভাজনৰ কথা। উদাহৰণস্বৰূপে সেই অঞ্চলৰ দৈৱজ্ঞ ব্ৰাহ্মণ সকলে কেৱল কিছুমান নিৰ্দিষ্ট পূজা-কৰ্মহে সম্পাদন কৰিছিল, তেওঁলোক মৃতকৰ শ্ৰাদ্ধাদি কৰ্মৰ সৈতে যুক্ত নাছিল। এনেবোৰ কথাই অতি সবল ৰূপত থকা সেই সময়ৰ সমাজৰ বিভাজন আৰু পৃথকীকৰণৰ কথাকেই প্ৰতিপন্ন কৰিছে। বৃত্তিগত পৃথকীকৰণৰ লগতে সমাজত উচ্চ -নীচ ৰ বৰ্ণ বিভাজনৰ ধাৰণাও শিপাইছিল,কিয়নো কিছু অংশ লোকে যদি উচ্চ পদৱী আৰু মৰ্য্যদাৰ বৃত্তিত জড়িত আছিল, তেন্তে আন বহুতে নিম্ন মৰ্য্যদা সম্পন্ন বৃত্তিত নিয়োজিত হ’ব লগাত পৰিছিল। উপন্যাস খনৰ কাহিনীত পশ্চিম অসম আৰু অবিভক্ত বংগত বিভিন্ন ৰূপত থকা ভূমিস্বত্ব ব্যৱস্থাৰ বিষয়েও উল্লেখ কৰা হৈছে। বিশেষকৈ মৌজাদাৰী ব্যৱস্থাত বৃটিছ শাসকে গাওঁৰ ক্ষমতাশালী আৰু প্ৰভাৱশালী লোকক আস্থাত লৈ সেইসকলৰ দ্বাৰা ৰায়ত শ্ৰেণীৰ পৰা কৰ সংগ্ৰহ কৰি ৰাষ্ট্ৰৰ তহবিলত জমা কৰিছিল। ৰাজ্যৰ জনগণৰ পৰা সংগ্রীহিত মুঠ কৰৰ ওপৰত ভিত্তি কৰি মৌজাদাৰ সকলক প্রতিদানস্বৰূপে প্ৰদান কৰা হৈছিল এক নিৰ্দিষ্ট পৰিমাণৰ ‘কমিছন’। আনহাতে বংগত শক্তিশালী ৰূপত থকা জমিদাৰী ব্যৱস্থাত জমিদাৰ সকলেই আছিল মাটিৰ আচল গৰাকী, আনহাতে কৃষক সকল আছিল জমিদাৰৰ মাটিত কৃষিকাৰ্য্য কৰা ৰায়ত শ্রেণী। লেখিকাই উপন্যাস খনিৰ জৰিয়তে স্বাধীনতাৰ পূৰ্বৰ লিংগ ভিত্তিক সমাজ খনৰ গতি প্রকৃতিকো উন্মোচন কৰিছে। কালিন্দী চৰিত্ৰটিৰ বিৱৰণৰ দ্বাৰা, লেখিকাই সেই সময়ৰ নাৰীৰ জীৱন সংগ্ৰামৰ বাস্তৱিক ৰূপটিৰ ওপৰত পোহৰ পেলাবলৈ প্ৰয়াস কৰিছে। তেওঁ প্ৰত্যক্ষ কৰাইছে কিদৰে বিনা পাৰিশ্রমিকেৰে সকলো ঘৰুৱা কাম কাজত নিয়োজিত হ’বলগীয়া এগৰাকী নাৰীৰ সম্পূৰ্ণ জীৱন ঘৰৰ চাৰিবেৰৰ মাজতেই আৱদ্ধ হৈ ৰৈছিল। সেই সময়ৰ সাধাৰণ নাৰীৰ দুখ- দুর্দশাক তলৰ শাৰীকেইটিয়ে প্ৰতিফলিত কৰিছে;

এনে আত্মাভিমানৰ অধিকাৰী হ’বলৈ এনেনো কি আছে তাইৰ দৰে মূল্যহীন দুৰ্বল নাৰীৰ? কি লাভ হ’ব? সচাঁকৈয়ে যদি তাই ঘৰ এৰি গুচি যায়গৈ কিবা পৰিৱৰ্তন হ’বনে কৰবাত?নহয় নহয়, দুদিনলৈ অলপ খেলিমেলি লাগিব পাৰে ঘৰখনত। তাৰ পাছত সকলো সহজ হৈ পৰিব। ঘৰ নচলা হ’লে দুদিন পাছতে সেই প্রতাপী আগ্রাসী নাৰীয়ে কোনো এখন ঘোঁকট গাৱঁৰ অভাৱী পৰিয়ালৰ আন এক দুৰ্বল নাৰীক দেওৰেকলৈ বুলি চপাই আনিব। ঘৰ -দুৱাৰ পথাৰ- সমাৰ, গৰু-গাই আৰু বুঢ়ী এজনীৰ সৈতে ঘৰ এখন কোনে চম্ভালিব নহ’লে? পত্নীৰূপী দাসীৰ কৰবাত অভাৱ আছেনে? তাৰপিছত পুনৰপি আগৰ গতি। সেই নতুন নাৰীৰ তাইৰ দৰেই গতি হ’ব। আৰম্ভ হ’ব উপেক্ষিত, অনাদৃত এটা গুৰুত্বহীন জীৱন। সোঁতত উটি যোৱা যিকোনো সাধাৰণ নাৰীক, থাবলৈ এমুঠি, পিন্ধিবলৈ এখন পালে আৰু একো নালাগে।

অথচ লেখিকাই উচ্চ শ্রেণীক প্রতিনিধিত্ব কৰা মৌজাদাৰণীৰ দৰে মহিলাৰ জীৱনৰ ব্যতিক্রমী মানদণ্ডৰ কথাও উল্লেখ কৰিবলৈ পাহৰা নাই। মৌজাদাৰিণী কেৱল শক্তিশালীয়েই নহয়, নীতি আৰু সিদ্ধান্ত গ্ৰহণ কৰিব পৰা বুদ্ধিমত্তা আৰু দক্ষতাও তেওঁৰ সমানেই আছে। লেখিকাই লিখিছে; “মৌজা সম্পর্কে মানুহগৰাকীয়ে প্রতিনিয়ত তাক কত দিয়া পোহা নিদিয়ে। সি যদিও হাতে কামে মৌজাথন চলাই আছিল, ওপৰত ছত্ৰছায়াৰ দৰে আছিল মৌজাদাৰণী আইৰ দৰে এগৰাকী প্ৰথৰ ব্যক্তিত্বসম্পন্না প্রত্যুৎপন্নমতি মেধাৱী নাৰীৰ উপস্থিতি।”

মৌজাদাৰণীৰ সৰু বোৱাৰী দীপাৰ চৰিত্ৰটিৰ দ্বাৰা লেখিকাই অতি কম বয়সতে বৈধৰ সন্মুখীন হোৱা নাৰী জীৱনৰ যন্ত্ৰণাময় একাকীকত্বৰ কথা বৰ্ণনা কৰিছে। তেওঁ লিখিছে;

“আজি কেইদিনমানৰ পৰাহে দীপা বাইদেউ কিছু সময় অফিচলৈ আহি বহা হৈছেহি। অৱশ্যে আহিছে যদিও সেই নাৰীগৰাকীয়ে অফিচ তদাৰক কৰাতো বহুত দূৰৈৰ কথা;জঁই পৰা বকুলৰ দৰে নিষ্প্রভ দৃষ্টিৰে সেই মানুহগৰাকী চৌপাশৰ পৃথিৱীৰ প্ৰতি যেন অত্যন্ত উদাসীন পাৰিপাৰ্শ্বিকতাৰ পৰা বিচ্ছিন্ন এটি সত্বা। “

লেখিকাই অতি সযত্নেৰে স্বাধীনতা সংগ্ৰামক ইয়াৰ গ্ৰাম্যজীৱনৰ পটভূমিত চিত্রায়িত কৰিছে। তেওঁৰ সৃষ্টিত প্ৰতিফলিত হৈছে দেশবিভাজনে অন্যায় ভাৱে জাপি দিয়া প্ৰব্ৰজনৰ যাতনাময় ইতিহাসৰ কথা; যাৰ বলি হৈছিল ধনী, দুখীয়া নির্বিশেষে সকলো শ্ৰেণীৰ লোক,তাৰপিছতো কিন্তু সেই সর্বনাশী দুৰ্যোগৰ সবাতোকৈ নিৰ্মম ভুক্তভোগী হ’ব লগাত পৰিছিল দুখীয়া দৰিদ্ৰ জনগণ। তেওঁ বৰ্ণনা কৰিছে সেই শৰণাৰ্থী শিবিৰ সমূহৰ কথা, য’ত আছিল জীৱনৰ সাধাৰণ প্ৰয়োজন খিনিও পূৰাব নোৱাৰা এক অবর্ণননীয় পৰিবেশ। নন্দিতা দেৱীৰ উপন্যাসত বর্ণিত প্ৰব্ৰজিত মানুহৰ বাবে নিৰ্মাণ কৰা সাহায্য শিবিৰ সমূহৰ পৰিস্থিতিৰ কথাই মোক পাকিস্তানী ইতিহাসবিদ আয়েশা জালালৰ এশাৰী বাক্যলৈ মনত পেলাই দিয়ে; দেশবিভাজনক বিংশ শতিকাৰ দক্ষিণ এছিয়াত সংঘটিত মুখ্য ঐতিহাসিক ঘটনা আখ্যা দি আয়েশা জালালে লিখিছিল,

“A defining moment that is neither beginning nor end, partition continues to influence how the peoples and states of postcolonial South Asia envisage their past, present and future.”

তদুপৰি,স্থানীয় কামৰূপীয়া উপভাষাৰ অনুৰূপ বিৱৰণ শৈলীৰে লেখিকাই পাঠকৰ বাবে উপন্যাসখনত দৃষ্টিলব্ধ অনুভূতি আৰু অভিজ্ঞতাৰে ভৰা এক স্বকীয় ইন্দ্ৰিয় জগতৰ সৃষ্টি কৰিছে, যি সমগ্ৰ উপন্যাসথনৰেই এক অন্যতম উল্লেখনীয় দিশ। উপন্যাস খনৰ কাহিনীয়ে গ্রামীণ কামৰূপৰ সমাজ জীৱন, স্থাপত্য আৰু প্ৰকৃতিকো বিশদ ভাৱে সাঙুৰি লৈছে।নিঃসন্দেহে ‘বঙল বহু দূৰ’ উপন্যাস অসমীয়া সাহিত্যৰ জগতত নতুন দিগন্তৰ সূচনাকাৰী এক আধুনিক সংযোজন। দোৱান,উপভাষা তথা পৰম্পৰাগত আচৰণ, নৃ- গোষ্ঠীয় জীৱন শৈলীক নতুন দৃষ্টিৰে চৰ্চা কৰিব খোজা সাহিত্যিক সকলৰ বাবেও উপন্যাসখন দিক্ দর্শী সমল স্বৰূপ। এনে সাহিত্যৰ চৰ্চাই একোটা মৃতপ্রায় ভাষা বা দোৱানক নতুন ৰূপত সঞ্জীৱীত কৰি তুলিব পাৰে। উপন্যাস থন যথাৰ্থতেই লেখিকাৰ এক কষ্টকৰ যাত্ৰাত পৰিণত হৈছে, যি যাত্ৰা দৰাচলতে সামাজিক প্রথা, ৰীতি- নীতি,আচাৰ, প্ৰমূল্য আৰু পৰম্পৰাগত জীৱনচৰ্যাৰে সমৃদ্ধ এটা অঞ্চলৰ সামাজিক ইতিহাসৰ অন্বেষণ তথা পুনর্লিখনৰ এক নতুন দস্তাবেজ । স্বাধীনতাৰ পূৰ্বৰ কামৰূপীয়া ৰাইজৰ গ্ৰাম্য জীৱন আৰু জগত তথা ভাৰতীয় সমাজ ব্যৱস্থাৰ ঐতিহাসিক বিকাশৰ পটভূমিত উদ্ভুত,সেই সময়ক প্ৰভাৱিত কৰি ৰখা বিভিন্ন সামাজিক কাৰকৰ ওপৰত লেখিকাই প্রকাশ্যেই আলোচনা ডাঙি ধৰিছে।

সমাপ্তিত মূল সূতিৰ পৰা নিলগৰ ‘অন্য’ (Other) ভাষা এটিত লেখিকাৰ কৃতী আৰু দক্ষতাক স্বীকাৰ কৰিবই লাগিব। বিশেষকৈ জন্মসূত্ৰে উজনি অসমৰ বাসিন্দা হৈ পশ্চিম অসমৰ বৃহত্তৰ নলবাৰী অঞ্চলৰ এটি স্থানীয় দোৱানত সাৰ্থক উপন্যাস এখনৰ সৃষ্টি কৰাটো নিশ্চয়কৈ এক উজু কাম নাছিল।

তথ্যসূত্র

1. Dalrymple, W. ( 2015, June 29). The Great Divide: The Violent legacy of Indian Partition. The New Yorker. retrieved from https://www.newyorker.com/magazine/2015/06/29/the-great-divide-books- dalrymple dated 22.08.2022

2.Devi, N. (2021). Bongol Bohu Dur. Panbazaar, Guwahati: Jyoti Prakashan.

(লেখিকা গুৱাহাটীস্থিত অমিয় কুমাৰ দাস ইনষ্টিটিউট অৱ চ’ছিয়েল চেঞ্জ এণ্ড ডেভেলপমেন্টৰ সহকাৰী অধ্যাপিকা)
ম’বাইল- 8447402464
Email- antoraborah88@gmail.com

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply