দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তবৰ্তী মানকাচৰ থানাৰ অধীনস্থ বেহুলাচৰ গাৱৰ পৰা এজন বাংলাদেশী লোকক আটক কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে।
দিনৰ ভাগত বাংলাদেশৰ পৰা কাইঁটীয়া তাঁৰৰ বেৰৰ ওপৰেদি লোক এজন ভাৰতত প্ৰবেশ কৰাৰ বাতৰি বিশেষ সূত্ৰে জানিব পাৰি ঝাউডাঙ্গা ছেকেণ্ড লাইন ডিফেঞ্চৰ দল আৰু বি এছ এফৰ দল এটাই অভিযান চলাই
অভিযান কালত বাংলাদেশী লোক এজনক আটক কৰিবলৈ সক্ষম হয়।
আটক কৰা বাংলাদেশী লোক জন বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ৰৌমাৰী থানাৰ অন্তৰ্গত বেহুলাচৰ গাওঁৰ প্ৰয়াত আফচাৰ আলী মণ্ডলৰ পুত্ৰ আব্দুল হাই (৩৫) বুলি জানিব পৰা গৈছে। সম্প্ৰতি মানকাচৰ আৰক্ষী থানাত বাংলাদেশী লোক জনক অধিক তথ্যৰ বাবে মাৰাথন জেৰা চলাই আছে।