বাংলাদেশী কৃষকৰ হাতত প্ৰহৃত হৈছে সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান।
দেওবাৰে পশ্চিম বংগৰ মুৰ্ছিদাবাদ জিলাত বাংলাদেশী কৃষকে বি এছ এফৰ দুগৰাকী জোৱানক আক্ৰমণ কৰি জোৱান দুগৰাকীৰ হাতত থকা অস্ত্ৰ-শস্ত্ৰ কাঢ়ি লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে।
জানিব পৰা মতে, এই ঘটনা ৰাণীতলা থানা এলেকাৰ নিৰ্মলচৰ সীমান্ত আউটপোষ্টৰ সমীপত ৩৫ নং বেটেলিয়নৰ দুগৰাকী জোৱানে টহল দি থকা অৱস্থাত সংঘটিত হয়।
তথ্য অনুসৰি, বি এছ এফৰ দুগৰাকী জোৱানে বাংলাদেশী কৃষকৰ এটা দলে ভাৰতীয় সীমান্তৰ ভিতৰত পথাৰত গৰু চৰাবলৈ সীমান্ত পাৰ হোৱাৰ সময়ত তেওঁলোকক বাধা দিয়ে।
ইয়াৰ কিছু সময় পিছতে বাংলাদেশৰ পৰা শতাধিক লোকে ভাৰত সীমান্ত অতিক্ৰম কৰি জোৱানসকলক লাঠি আৰু দা’ৰে আক্ৰমণ কৰে বুলি বি এছ এফে এক বিবৃতি যোগে সদৰী কৰিছে।
বিবৃতিত উল্লেখ কৰিছে যে, এই আক্ৰমণত জোৱান দুগৰাকী গুৰুতৰভাৱে আহত হোৱাৰ লগতে বাংলাদেশী কৃষকসকলে আগ্নেয়াস্ত্ৰ কাঢ়ি লৈ পলায়ন কৰে।
ইফালে ভাৰতীয় নিৰাপত্তাৰক্ষীৰ এটা দলে ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতে সেই স্থানত উপস্থিত হয় আৰু আহত জোৱান দুগৰাকীক উদ্ধাৰ কৰে। আৰু তেওঁলোকক নিকটতম চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
লগতে বিবৃতিটোত উল্লেখ কৰা হৈছে, ভাৰতীয় কৃষকসকলে তেওঁলোকৰ শস্য বাংলাদেশী কৃষকসকলে চুৰি আৰু ক্ষতিৰ কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে।
আনহাতে, ঘটনা সন্দৰ্ভত বি এছ এফে ৰাণীতলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।