মানকাচৰ : অসম-বাংলাদেশ সীমান্তৰে অব্যাহত আছে বাংলাদেশী নাগৰিকৰ অবৈধভাৱে ভাৰতৰ প্ৰৱেশ অভিযান। বিভিন্ন সময়ত আৰক্ষী আৰু বি এছ এফে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশী নাগৰিকক আটক কৰা পৰিলক্ষিত হয়।
বিগত কিছুদিন ধৰি বি এছ এফে আটক কৰা কেইবাজনো বাংলাদেশী নাগৰিকক পুনৰ বাংলাদেশলৈ উভতাই পঠিওৱা হৈছে। ইয়াৰ মাজতে পুনৰ এজন বাংলাদেশী নাগৰিক আটক হৈছে মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত। ধৃত বাংলাদেশী নাগৰিক জনৰ নাম মহাম্মদ আলী।
লগতে পঢ়ক : তালিবানক সমৰ্থন জনোৱা ১৪ জনে লাভ কৰিলে জামিন
মহাম্মদ আলীৰ বাংলাদেশৰ জামালপুৰ জিলাৰ বক্সিগঞ্জ থানা এলেকাৰ মুনাপাৰা গাঁৱত বুলি জানিব পৰা গৈছে। মঙলবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰে মহাম্মদ আলীক। আদালতে ধুবুৰী জেললৈ প্ৰেৰণ কৰে বাংলাদেশী নাগৰিক মহাম্মদ আলীক।