মানকাচৰ : মানকাচৰত গ্ৰেপ্তাৰ বাংলাদেশী যুৱক। ভাৰত-বাংলাদেশ সীমান্তত ফুৰিবলৈ আহোঁতে দুৰ্বৃত্তই নগদ ধন, মোবাইল লুটি নিয়ে, চোকা অস্ত্ৰৰে হত্যা কৰিবলৈ ধৰাত পলাই ভাৰতত প্ৰৱেশ কৰাৰ দাবী ধৃত বাংলাদেশী যুৱক জনৰ। আৰক্ষীৰ তদন্ত অব্যাহত।

দুৰ্বৃত্তৰ হাতৰ পৰা নিজৰ প্ৰাণ ৰক্ষাৰ স্বাৰ্থত এখন দেশৰ পৰা আন এখন দেশত প্ৰৱেশ কৰি আৰক্ষীৰ জালত পৰিল এজন বাংলাদেশী যুৱক। বাংলাদেশী যুৱক জনৰ নাম নিৰঞ্জন কুমাৰ ঘোষ। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ জামালপুৰ জিলাৰ অন্তৰ্গত মাদাৰগঞ্জ থানাৰ অন্তৰ্গত গাঁৱৰগ্ৰাম ঘোষপাৰা গাঁৱৰ চিৰঞ্জীত ঘোষৰ ২৪ বছৰীয়া পুত্ৰ নিৰঞ্জন কুমাৰ ঘোষ যোৱা তিনি দিন পূৰ্বে ঘৰৰ পৰা বাংলাদেশ-ভাৰত সীমান্তবৰ্তী এলেকাত থকা পাহাৰীয়া এলেকাত ফুৰিবলৈ আহে।

১৭০০ টকা আৰু মোবাইল ফোন এখন লৈ অহা যুৱক জনৰ পৰা নিশাৰ ভাগত চাৰিজনীয়া দুৰ্বৃত্তৰ দল এটাই নগদ ধনখিনিৰ লগতে মোবাইল ফোন লুটি নি চোকা অস্ত্ৰৰে যুৱক জনক হত্যা কৰিবলৈ চেষ্টা কৰাত যুৱক জন উপায়ন্তৰ হৈ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰি নিজৰ প্ৰাণ ৰক্ষা কৰে। চুবিৰিয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ মাজেৰে যুৱক জন কোনোমতে ভাৰতত প্ৰৱেশ কৰে। ইয়াৰ পাছতেই একাংশ লোকক সোধা পোছা কৰি মেঘালয়ৰ পৰা শুকুৰবাৰে নিশা যুৱক জন মানকাচৰৰ ঘোষপাৰাত উপস্থিত হয়।

মানকাচৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি বাংলাদেশী যুৱক জনক আটক কৰি মাৰাথন জেৰা চলায় যদিও কি কাৰণত যুৱক জন ভাৰতত প্ৰৱেশ কৰিলে সেয়া এতিয়ালৈ আৰক্ষীয়ে নিশ্চিত হ’ব পৰা নাই। আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰাৰ অপৰাধত আৰক্ষীয়ে ইতিমধ্যে যুৱক জনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে বুলি মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতাই চন্দ্ৰ ৰায় জানিবলৈ দিয়ে।

লগতে পঢ়ক : চিৰাঙত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ! চুপাৰীখিনিৰ মূল্য প্ৰায় ১০কোটি

মন মৰিবলগীয়া বিষয় যে অসম তথা মেঘালয়ত ভাৰত-বাংলাদেশ সীমান্ত সুৰক্ষিত নহয় নেকি ? দেশৰ নিৰাপত্তাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সীমান্তত ২৪ ঘণ্টা বি এছ এফে পহৰাৰ ব্যৱস্থা কৰিছে। ইয়াৰ পিছতো আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ অতিক্ৰম কৰি কেনেকৈ ভাৰতলৈ বাংলাদেশী নাগৰিক প্ৰৱেশ কৰিবলৈ সক্ষম হ’ল এয়া এক ডাঙৰ প্ৰশ্নৰ বিষয় হৈ পৰা পৰিলক্ষিত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply