গুৱাহাটী : ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহৰ প্ৰচাৰ, বিত্তীয় যোগান আৰু উন্নয়নত নিয়োজিত ভাৰতৰ ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বেংকৰ ক্লাষ্টাৰ উন্নয়ন পুঁজিৰ অধীনত অসম চৰকাৰক প্ৰথমখন প্ৰতিশ্ৰুতি পত্ৰ প্ৰদান কৰে। কৃষিমন্ত্ৰী অতুল বৰা আৰু মাননীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তও এই অনুষ্ঠানত উপস্থিত থাকে।

বেংকৰ ক্লাষ্টাৰ ডেভেলপমেণ্ট ফাণ্ডৰ অধীনত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ খণ্ডৰ বিকাশৰ বাবে ৬৮২.১৮ কোটি টকাৰ বিত্তীয় ব্যয় অন্তৰ্ভুক্ত কৰি ৫৪ টা প্ৰকল্প হাতত লোৱা হ’ব। মুখ্যমন্ত্ৰীয়ে অসমত বিভিন্ন বিদ্যমান ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ খণ্ডৰ বিকাশ আৰু নতুন ঔদ্যোগিক আন্তঃগাঁথনিমূলক সুবিধা বিকশিত কৰাত ৰাজ্য চৰকাৰক সহায় কৰিবলৈ আগবাঢ়ি অহাৰ বাবে ভাৰতৰ ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংকক ধন্যবাদ জ্ঞাপন কৰে। এই উদ্যমে বিভিন্ন স্তৰৰ লোকসকলৰ জীৱনক উদ্ভাৱনীমূলক প্ৰকল্পৰ জৰিয়তে প্ৰভাৱিত কৰাত সহায় কৰিব।

লগতে পঢ়ক : মঙলবাৰে পেঞ্চন সঞ্চালকালয় পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

প্ৰতিখন জিলাৰ অন্তৰ্নিহিত সম্ভাৱনাৰ সৈতে সংগতি ৰাখি জিলাসমূহত এই উদ্যোগ গ্ৰহণ কৰা হ’ব। ভাৰতৰ ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংকৰ মুখ্য পৰিচালন সঞ্চালক শ্ৰীশিৱসুব্ৰমনিয়াম ৰমনৰ লগতে মুখ্যমন্ত্ৰী আৰু বিত্ত বিভাগৰ প্ৰধান সচিব শ্ৰীসমীৰ কুমাৰ সিনহাও এই অনুষ্ঠানত উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply