ডিফু : ডিফুত মুখ্যমন্ত্ৰীৰ উপস্থিত উপায়ুক্তসকলৰ সন্মিলন চলি থকা সময়তে সংঘটিত হৈছে বেংক চুৰিৰ ঘটনা ৷ প্ৰাপ্ত তথ্য অনুসৰি ডিফুৰ হৃদয়স্থলীত থকা বেংক অৱ ইণ্ডিয়াৰ ডিফু শাখাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ৷ বেংক কৰ্তৃপক্ষৰ পৰা জানিব পৰা অনুসৰি আজি পুৱতি নিশা ২ বজাৰ পৰা ৩ বজাৰ ভিতৰত সংঘটিত হয় এই চুৰিকাণ্ড ৷
বেংকৰ চিচি কেমেৰাৰৰ দৃশ্য অনুসৰি বেংকটোৰ পিছফালৰ খিৰিকিৰ গ্ৰীল ভাঙি প্ৰৱেশ কৰে চোৰটো ৷ চোৰটোৱে বেংকটোৰ ভিতৰত প্ৰৱেশ কৰি বেংকটোৰ ভিতৰত থকা চিডিএম মেছিন ভাঙি ভিতৰত থকা ধন উলিয়াই নিয়াৰ অপচেষ্টা কৰে ৷
চিডিএম মেছিনটোৰ ধনবিলাক কৌশলগতভাৱে ৰখাৰ বাবে চোৰটো নিব নোৱাৰিলে ধন ৷ এই সন্দৰ্ভত ডিফু থানাত গোছৰ দাখিল কৰিব বুলি জনায় বেংকৰ হেড কেচিয়াৰ বেঞ্জামিন চিংনাৰে ৷
ইমানকৈ সুৰক্ষাৰ মাজত চোৰৰ তিঘিল ঘিলনি হোৱাৰ বাবেই বেংকটোৰ কৰ্তৃপক্ষই বেংকটোৰ সন্মুখত “ব্ৰাঞ্চ ইজ টেম্পৰেৰিলী ক্লজড ফৰ চিকিউৰিটি ৰিজন” জাননী আঁৰি ৰাখি থয় ৷
লগতে পঢ়ক সুস্মিতা দেবৰ তৃণমূল যাত্ৰা: অসমৰ ৰাজনীতিত সম্ভাব্য প্ৰভাৱ