ডিব্ৰুগড়ঃ ডিব্ৰুগড়ৰ “প্ৰতিশ্ৰুতি ছেভ লাইফ” নামৰ সংস্থাটোৱে কৰ্কট ৰোগীৰ বাবে দীৰ্ঘদিনৰে বিভিন্ন দিশত কাম কৰি আহিছে ৷

” প্ৰতিশ্ৰুতি চেভ লাইভ” নামৰ সংন্থাটোৰ এম্বেচাডৰ হিচাপে অভিনেত্ৰী বৰষাৰাণী বিষয়াক নিৰ্বাচিত কৰাৰ পাছৰে পৰা কৰ্কট ৰোগীসকলৰ হৈ বিভিন্ন কাম কৰি আহিছে অভিনেত্ৰী গৰাকীয়ে ৷

ডিব্ৰুগড়ৰ মাইজানত আগতীয়াকৈ ৰঙালী বিহু আয়োজন কৰি কৰ্কট ৰোগীসকলৰ সৈতে মনৰ ভাৱ আদান-প্ৰদান কৰি জীয়াই থকাৰ ক্ষেত্ৰত প্ৰেৰণা যোগাই অভিনেত্ৰী গৰাকীয়ে ।

ইয়াৰ উপৰিও সকলোৰে লগত বিহু গীত গাই, নাচি আনন্দ প্ৰদান কৰাৰ লগতে সকলোকে আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাই বৰষায়ে ।

“প্ৰতিশ্ৰুতি ছেভ লাইফ “ৰ তৰফৰ পৰা নতুনকৈ বিবাহপাশত আৱদ্ধ হোৱা বৰষাৰাণী বিষয়া আৰু স্বামী ভাস্কৰ বৰুৱাক আনুষ্ঠানিকভাৱে অভিনন্দন জনোৱা হয় ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply