আজিৰে পৰা পাঁচ দিনীয়া কাৰ্যসূচীৰে বটদ্রৱা থানত আৰম্ভ হৈছে দৌল উৎসৱ। যোৱা নিশা বটদ্ৰৱা থানত দৌল উৎসৱ উপলক্ষ্যে অসমীয়া বাৰ্ষিক কেলেণ্ডাৰ উন্মোচন কৰা হয়। অনুষ্ঠানত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত, কাৰ্য্যকৰী সভাপতি ৰাজীৱ দত্ত, সাধাৰণ সম্পাদক অৰূপ শইকীয়া প্ৰমুখ্যে বিষয়বৱীয়া আৰু কাৰ্য্যনিৰ্বাহক সদস্য সকলে অংশগ্ৰহন কৰে।

আজিৰ কাৰ্যসূচী গন্ধোৎসৱ উপলক্ষে পুৱা তাল কোবোৱা প্ৰসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্রসঙ্গ, দুপৰীয়া প্ৰসংগ আদি বিভিন্ন নিত্য নৈমিত্তিক প্ৰসংগৰ উপৰিও সন্ধ্যা গোসাঁইক গায়ন বায়ন আৰু ভক্তসবে গাই বাই কীৰ্তনঘৰৰ পৰা উলিয়াই আনি কীৰ্তনঘৰৰ নাতিদূৰত অস্থায়ীকৈ সজা ৰভাতলত স্থাপন কৰা হ’ব। পিছত গোসাঁইক স্নান কাৰ্য্য সম্পাদনৰ পিছত গান্ধবিৰিঙা, গুণ গাঁঠিয়ন, মুঠা, মিঠি, পিৰিকা ফুল আদি ভেষজ উপাদানেৰে প্রস্তুত কৰা গন্ধ তেল বুলি প্রচলিত এই বিশেষ তেলৰে নোৱাব।


তাৰ পাছত তেল, চন্দন, অগৰু সানি গোসাঁইক নতু্ন বস্ত্র, অলংকাৰ পিন্ধাই সিংহাসনত স্থাপন কৰি গায়ন বায়নে ‘ৰাম ধেমালী’ পৰিবেশন কৰিব। কাইলৈৰ দিনটোত ‘গোসাঁই মূৰত ফাকু দিয়া উৎসৱ’ৰ দুপৰীয়া গোসাঁইক নোৱাই ধোৱাই আসনত বহুৱাই সুবাসিত ফাকু দিয়া হ’ব আৰু গায়ন বায়নে ‘ন-ধেমালী’ পৰিবেশন কৰিৱ আৰু ভক্ত বৈষ্ণৱ সকলে ফাকু ৰ্নিমালী আৰু পদজল গ্রহন কৰিব। কাইলৈ নিশা গোসাঁইক ৰভাতলত ৰাখি ৰাজ্য খনৰ ভিন্ন প্রন্তৰ পৰা অহা ভক্ত বৈষ্ণৱে নাম কীৰ্তন কৰিব। ১৯ ৰ্মাচৰ দিনা গোসাঁই ফুৰোৱা উৎসৱ।
দুপৰীয়াৰ ভাগত গায়ন বায়ন, ভকত-বৈষ্ণৱ, আই-মাতৃ সকলোৱে কৃষ্ণ গোসাঁইক ৰভাতলৰ পৰা উলিয়াই দৌললে যাত্রা কৰিব। দৌল মন্দিৰত গোসাঁইক পূজা অৰ্চনা দি সাত পাক প্ৰদক্ষিণ কৰোৱাৰ পাছত পাছত গোসাঁইক বৰদোৱাৰ দুই সত্ৰ ক্ৰমে শ্ৰীশ্ৰী শলগুৰি আৰু শ্ৰীশ্ৰী নৰোৱা সত্ৰত প্ৰদক্ষিণ কৰোৱাৰ লগতে সত্ৰাধিকাৰ, ডেকাসত্ৰাধিকাৰৰ ঘৰত প্ৰবেশ কৰোৱাই পূজা অৰ্চনা দি শেষত কীৰ্তন ঘৰত প্ৰবেশ কৰোৱা পাছতে দৌল যাত্রা উৎসৱৰ ধৰ্মীয় কাৰ্যসূচীৰ অন্ত পৰিব।

দৌল যাত্রা উৎসৱৰ লগত সংগতি ৰাখি কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আকাশী গংগাৰ পাৰৰ প্রেক্ষাগৃহত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply