নগাওঁঃ নগাঁৱৰ বঢ়মপুৰৰ এজিউৰ পাৱাৰ কোম্পানীত নিশা বন্যহস্তীয়ে চলালে উপদ্ৰৱ।
বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে কোম্পানীটোৰ ফেঞ্চিং ।
হস্তী কৰিডৰ নহয় বুলি বন বিভাগে প্ৰমাণ পত্ৰ দিয়াত মিকিৰ-বামুনী গ্ৰান্টত স্থাপন হৈছিল আজু পাৱাৰ কোম্পানী ।
খিলঞ্জীয়াক উচ্ছেদ কৰি মিকিৰ বামুণী গ্ৰান্টত স্থাপন কৰিছিল এই কোম্পানী ।
লগতে পঢ়কঃজুৰীয়াৰ বিভিন্ন অঞ্চলত লাডেনসহ এটা বনৰীয়া হাতীৰ জাকৰ তাণ্ডৱ
বন বিভাগৰ প্ৰমাণ পত্ৰক মিছা প্ৰমাণিত কৰি নগাঁৱৰ বঢ়মপুৰৰ আজু পাৱাৰ কোম্পানীত যোৱা নিশা বন্যহস্তীয়ে চলালে উপদ্ৰৱ ।
বঢ়মপুৰৰ বামুণী পাহাৰত ১৮টাকৈ বন্যহস্তীৰ মৃত্যুৰ সময়ত চৰ্চালৈ অহা এজিউৰ পাৱাৰ কোম্পানী ৰাষ্ট্ৰীয় নেতাৰ আৰ্শীবাদপুষ্ট হোৱা বাবেই আজি পৰ্যন্ত এই কোম্পানীৰ বিৰুদ্ধে ব্যৱস্থা ল’ব পৰা নাই চৰকাৰ-প্ৰশাসনে ।