বৰহাটঃ চৰাইদেউৰ বৰহাটত “বৰহাট চাহ-বাগিছা আৰ্দশ উচ্চ মাধ্যমিক বিদ্যালয়”ৰ শুভাৰম্ভ কৰা হয়। চাহ-বাগিছা আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধা অনুসৰি বিজেপি নেতৃত্বাধীন চৰকাৰে অসমৰ মুঠ ১১৯খন চাহ-বাগিছাত “আৰ্দশ উচ্চ মাধ্যমিক বিদ্যালয়” নিৰ্মাণৰ বাবে ঘোষণা কৰিছিল। বিগত ২০২০বৰ্ষৰ শেষৰ ফালে সোণাৰি সমষ্টিৰ প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈয়ে বৰহাট চাহ-বাগিছা প্ৰাংগণত ১ কোটি ১৯লাখ ৭৫হাজাৰ টকাৰ পুঁজিৰে নিৰ্মাণ হ’বলগীয়া “আৰ্দশ উচ্চ মাধ্যমিক বিদ্যালয়” খনৰ আধাৰশিলা স্থাপন কৰিছিল।
লগতে পঢ়কঃদিচাং নৈৰ মথাউৰিৰ ছিঙা অংশই শিৱসাগৰ নগৰলৈ আনিছে ভাবুকি
চাহ বাগিছাত শিক্ষাৰ সোণালী যুগৰ সূচনা হোৱা ১১৯খন আৰ্দশ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভিতৰত ২৫ আৰু ২৬ মে’ ২০২২ অৰ্থাৎ দুদিনীয়া কাৰ্যসূচীৰে মুঠ ৯৬খন বিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি শুভ উদ্বোধন কৰে। গায়ন-বায়নেৰে পদূলি মুখৰ পৰা আদৰি অনাৰ লগতে বিদ্যালয়ৰ চৌহদত বৃক্ষৰোপন কৰে আৰু দুৱাৰ মুকলি কৰাৰ উপৰিও এই অনুষ্ঠানত ভাষণ আগবঢ়ায় মন্ত্ৰী-বিধায়কে। বৰহাট চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে অসম চৰকাৰৰ শক্তি, সাংস্কৃতিক পৰিক্ৰমা, পৰ্যটন, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী তথা চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বড়াই, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁঁৱৰ, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, প্ৰাক্তন সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ, চৰাইদেউ জিলা উপায়ুক্ত পল বৰুৱা, বৰহাট চাহ বাগিছাৰ মুখ্য পৰিচালক ভানু মিত্ৰ দাস, বিভিন্ন দল-সংগঠন নেতাৰ বহু বিশিষ্ট ব্যক্তি তথা বিদ্যালয়ৰ শিক্ষক -শিক্ষয়ত্ৰী, ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজ সকল উপস্থিত থাকে।