গুৱাহাটীঃ মেঘালয়ৰ বৰ্ণিহাটৰ ৰিভয়ত চাঞ্চল্যকৰ ঘটনা। দিন-দুপৰতে দুৰ্বৃত্তৰ ধন লুটৰ চেষ্টা। ভুক্তভোগীয়ে খেদি খেদি কৰায়ত্ত কৰিলে দুৰ্বৃত্তক। সাহিল জামান পাছান নামৰ এজন যুৱকে বৰ্ণিহাটৰ আমজোক ষ্টেট বেংকৰ পৰা ৪ লাখ টকা উলিয়াই আনিছিল। বেংকৰ পৰা ওভতাৰ পথত এ এছ ১৩এম ৯০৬৫ নম্বৰৰ এখন পালচাৰ বাইকেৰে দুই দুৰ্বৃত্তই টকাৰ বেগখন কাঢ়ি নিয়াৰ চেষ্টা চলায়।

লগতে পঢ়কঃ১৬ খন গাড়ীৰে বানাক্ৰান্ত ৰাইজলৈ প্রদেশ কংগ্ৰেছৰ সাহায্য সামগ্রী প্ৰেৰণ

ইয়াৰ পিছতে ভুক্তভোগীয়ে অন্য এজন বন্ধুৰ বাইকৰ সহায়ত খেদি গৈ এজন দুৰ্বৃত্তক কৰায়ত্ত কৰে যদিও আন জন দুৰ্বৃত্ত বাইকসহ পলাই যাবলৈ সক্ষম হয়। ইয়াৰ পিছতে ভুক্তভোগীয়ে ধৃত বিহাৰৰ বীৰেন্দ্ৰ দাস নামৰ যুৱকজনক বৰ্ণিহাট আৰক্ষীক চমজাই দিয়ে। বৰ্তমান বৰ্ণিহাট আৰক্ষীয়ে এই সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply