বৰপেটাঃ বৰপেটাৰ চাউলখোৱা নৈৰ দলঙৰ ওপৰত ভয়ংকৰ পথ দুৰ্ঘটনা। যাত্রীবাহী টেম্প’ আৰু ট্রাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত দুজন যাত্রী আৰু গুৰুত্বৰভাবে আহত হৈছে ৭জন। নিহত দুজন বাৰামাৰা গাঁৱৰ আবুল আৰু কাঁহিকুছি গাঁৱৰ ইনজামূল বুলি জানিব পৰা গৈছে। আনহাতে আৰক্ষী,স্থানীয় লোকৰ সহযোগত আহত সকলক বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে।
জানিব পৰা মতে, অট’খনৰ যাত্ৰী কেইজন মুম্বাইত শ্ৰমিক হিচাপে কৰ্মৰত আছিল। ঈদ উপলক্ষে ঘৰলৈ আহিছিল যুৱককেইজন। ষ্টেচনৰ পৰা অট’ ভাড়া কৰি ঘৰলৈ গৈ থকাৰ অৱস্থাতে দুৰ্ঘটনাটো সংঘটিত হয়।
লগতে পঢ়কঃশ্ৰী শ্ৰী বালিভূঁই বৰ এলেঙি সত্ৰৰ সত্ৰাধিকাৰ তৰুণ চন্দ্ৰ দেৱ গোস্বামীৰ দেহাৱসান