বৰপেটা : বৰপেটাৰ অধিবক্তা ৰিণিমা বেগমৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত দুই অভিযুক্তক সোধপোচৰ বাবে আটক কৰিছে বৰপেটা আৰক্ষীয়ে৷ অধিবক্তা গৰাকীক হত্যাৰ সন্দেহত যোৱা নিশা বৰপেটা আৰক্ষীয়ে ডাঃ মকদম আলী আৰু আব্দুৰ ৰহমান ওৰফে জুম্মা নামৰ লোক দুজনক গ্ৰেপ্তাৰ কৰিছে ৷

উল্লেখ্য যে, ডাঃ মকদম আলী বৰপেটা মেডিকেল কলেজ হস্পিটালত কৰ্মৰত এগৰাকী চিকিৎসক ৷ ডাঃ মকদম আলী নামৰ চিকিৎসক গৰাকীয়ে অধিবক্তা ৰিণিমা বেগমৰ পৰা এটুকুৰা ভূমি ক্ৰয়ক লৈ দুয়োৰে মাজত চলা এক বিবাদ আদালতত বিচাৰাধীন হৈ আছে ৷ উক্ত ভূমি সম্পৰ্কীয় বিবাদৰ বাবেই যুৱতী অধিবক্তাগৰাকীক হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ ৷

উল্লেখ্য যে মঙলবাৰে সন্ধিয়া বৰপেটাৰ বিলৰটাৰী হাটীত মটৰ চাইকেলত অহা তিনিজনীয়া দূৰ্বৃত্তৰ দল এটাই দেগাৰেৰে পেটত হানি হত্যা কৰিছিল অধিবক্তা ৰিনিমা বেগমক ৷ তিনিজনীয়া দলটোৰ এজনে মটৰ চাইকেলখন ষ্টাৰ্ট বন্ধ নকৰাকৈ মটৰ চাইকেলতে বহি আছিল ৷

আনহাতে আন দুই দূৰ্বৃত্তই মটৰ চাইকেলৰ পৰা নামি আহি নিজৰ বেলেনো বাহনত বহিবলৈ লোৱা অৱস্থাতে গাড়ীৰ দৰ্জা খুলি যুৱতী অধিবক্তাগৰাকীক দেগাৰেৰে হানি হত্যা কৰে ৷ অধিবক্তাগৰাকীয়ে নিজৰ জ্যেষ্ঠ ভগ্নীক বিলৰটাৰী হাটীৰ ডাঃ বিনয় কুমাৰ দাসক দেখুৱাই চিকিৎসকগৰাকীৰ ঘৰৰ সন্মুখত ৰখাই থোৱা বেলেনো বাহনখনত উঠিবলৈ লোৱাৰ সময়তে হত্যাকাণ্ডটো সংঘটিত কৰি দূৰ্বৃত্তৰ দলটোৱে পলায়ন কৰে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply