বৰপেটা– ৰাজ্যত চলিছে মাৰাত্মক ড্ৰাগছৰ অবাধ ব্যৱসায়। যুৱ সমাজক অন্ধকাৰৰ গৰাহলৈ ঠেলি দি একাংশই চলাইছে নিষিদ্ধ ড্ৰাগছৰ অবৈধ বেহা।
মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে বৰপেটা আৰক্ষীয়ে জিলাখনৰ চুকে-কোণে চলাইছে তীব্ৰ অভিযান। ড্ৰাগছ বিৰোধী অভিযানত বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীৰ জালত পৰিছে পুনৰ ড্ৰাগছসহ এটা ব্যৱসায়ী।
তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসৰ নেতৃত্বত শুকুৰবাৰে নিশা চলিছিল এই অভিযান।
এক গোপন খবৰৰ ভিত্তিত শুকুৰবাৰে নিশা জিয়াৰুল দেৱানৰ ঘৰত তালাচী চলায় আৰক্ষীয়ে।
দেৱানৰ বাসগৃহৰ পৰা আৰক্ষীয়ে ৫টা সন্দেহযুক্ত ব্ৰাউনচুগাৰ ভৰ্তি প্লাষ্টিকৰ কন্টেইনাৰ লগতে ২০৪টা নিচাজাতীয় টেবলেট জব্দ কৰে।
লগতে আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত জিয়াৰুল দেৱানক আটক কৰে। আৰক্ষীয়ে আৰু অধিক লোক জড়িত থকাৰ সন্দেহ কৰিছে।
অধিক তথ্যৰ বাবে ধৃত সোধাপোচা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।