নিউজ ডেস্কঃ ৰাজ্য়ত তীব্ৰ হাৰত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ।
বিগত ২৪ঘন্টাত অসমত কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে ৬৩৯গৰাকীকৈ লোক।
ইয়াৰে ৩৫৪গৰাকীয়ে হৈছে কামৰূপ মেট্ৰ’ৰ।
বৰপেটা জিলাত কৰোনাত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হৈছে।
ইতিমধ্যে সষ্টম হৈ পৰিছে ৰাজ্য় প্ৰশাসন।
আৰু পঢ়কঃ মৰিগাঁৱত কভিড মহামাৰীয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে
কেইবাখনো হস্পিতাল কভিড হস্পিতাল হিচাপে গঢ়ি তোলা হৈছে।
এম এম চি এইচ হস্পিতাল কভিড হস্পিতাল হিচাপে মুকলি কৰা হৈছে।
কামৰূপ জিলাৰ মিৰ্জাৰ পতঞ্জলি কেন্দ্ৰ কভিড হস্পিতাল হিচাপে সাজু কৰিবলৈ যো-জা কৰিছে প্ৰশাসনে।
মিৰ্জাৰ পতঞ্জলি কেন্দ্ৰত ৫০০ৰো অধিক বিছনা কভিড ৰোগীৰ বাবে সাজু কৰা হৈছে।
জালুকবাৰীস্থিত চৰকাৰী আয়ুর্বেদিক চিকিৎসা মহাবিদ্যালয়খন পুনৰ ক’ভিড ৰোগীৰ বাবে সাজু কৰি তোলা হৈছে৷
আৰু পঢ়কঃ ভাৰতত এটা দিনত অভিলেখ সংখ্যক ২,৭৩,৮১০ গৰাকী লোক ক’ভিডত আক্ৰান্ত
মহাবিদ্যালয়খনত ১৪টা আই চি ইউ কক্ষ আৰু ৩৩খন অক্সিজেনযুক্ত বিছনাৰ লগতে ১০০খন বিছনা ক’ভিড ৰোগীৰ বাবে সাজু কৰা হৈছে ৷
মহানগৰীৰ সৰুসজাইতো পুনৰ সাজু কৰা হৈছে অস্থায়ী ক’ভিড হাস্পতাল ৷ সৰুসজাইৰ কর্মবীৰ নবীন চন্দ্র বৰদলৈ ষ্টেডিয়ামত ৪০০খন বিছনাযুক্ত অস্থায়ী ক’ভিড হাস্পতাল নির্মাণৰ কাম যুদ্ধকালীন তৎপৰতাৰে চলি আছে ৷