বৰপেটা : বৰপেটাৰ কেন্দ্ৰীয় বিদ্যালয়ত জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূষাল। দেশৰ ভিতৰতে বৰপেটাৰ কেন্দ্ৰীয় বিদ্যালয়ক এখন আগশাৰীৰ বিদ্যালয়ত পৰিণত কৰাৰ আহ্বান জনাইছে জিলা উপায়ুক্ত গৰাকীয়ে।
বৰপেটাৰ কেন্দ্ৰীয় বিদ্যালয়ক দেশৰ ভিতৰতে এখন লেখত লবলগীয়া কেন্দ্ৰীয় বিদ্যালয় ৰূপে গঢ় দিবলৈ শিক্ষক-শিক্ষয়িত্ৰী সকলক ঐকান্তিক প্ৰয়াস চলাবলৈ আহ্বান জনাইছে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূষালে। যোৱা ২৩ অক্টোবৰৰ দিনা শ্ৰীমন্তপুৰত থকা বিদ্যালয়খনৰ আলোচনা কক্ষত জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূষালৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত তেওঁ এই আহ্বান জনায়।
জিলা উপায়ুক্ত গৰাকীয়ে কয় যে, চহৰৰ মাজমজিয়াতে নতুন ভৱনৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে বিদ্যালয়খন আন্ত:গাঠনিৰ দিশৰ পৰা উন্নত অৱস্থালৈ উন্নীত হ’ব। সেয়েহে সেই সুযোগ গ্ৰহণ কৰি বিদ্যালয়খনক শৈক্ষিক দিশতো আগবঢ়ায় নিয়াৰ বাবে শিক্ষক সকলক নিষ্ঠা আৰু আন্তৰিকতাৰে প্ৰয়াস চলাবলৈ তেওঁ আহ্বান জনায়।
তেওঁৰ পৰামৰ্শ ক্ৰমে বিদ্যালয় চৌহদত এখন ইন্দোৰ ষ্টেডিয়াম আৰু শিশু সকলৰ খেল-ধেমালিৰ বাবে উন্নত ক্ষেত্ৰ গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় বিদ্যালয় প্ৰাধিকাৰীলৈ অতি শীঘ্ৰে প্ৰস্তাৱ প্ৰেৰণৰ সিদ্ধান্ত লোৱা হয়। উল্লেখযোগ্য যে বিদ্যালয় পৰিচালনা সমিতিৰ এই গুৰুত্বপূৰ্ণ সভাখনত বিদ্যালয়খনৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰা হয়।
লগতে পঢ়ক : পথাৰৰ পকা ধান খাই তহিলং কৰিছে বনৰীয়া হাতীৰ জাকে
বৰপেটা কেন্দ্ৰীয় বিদ্যালয় পৰিচালনা সমিতিৰ এই বৈঠকত বিদ্যালয়খনৰ নতুন ভৱন নিৰ্মাণৰ কাম-কাজৰ অগ্ৰগতিৰো বুজ লোৱা হয়। সভাত বৰপেটা কেন্দ্ৰীয় বিদ্যালয়ৰ আধ্যক্ষ কে এল পাঠকসহ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু নিৰ্মিয়মান বিদ্যালয় ভৱনৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ প্ৰতিনিধিও উপস্থিত থাকে।