বৰপেটা : আগন্তুক পৌৰসভা নিৰ্বাচনৰ বাবে বৰপেটা জিলা প্ৰশাসন সম্পূৰ্ণ সাজু হৈ আছে। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে কয় যে, জিলাখনৰ পাচঁখন চহৰত থকা ৬২ টা ৱাৰ্ডত এই পৰ্যন্ত মুঠ ভোটাৰ হৈছে ৯৩,৭১৫ জন। অৱশ্যে এই সংখ্যা আৰু সামান্য বৃদ্ধি হ’বও পাৰে বুলি তেওঁ জানিবলৈ দিয়ে।
এইবাৰ কেৱল ইভিএম যোগে পৌৰ নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব বুলি জানিবলৈ দি তেওঁ কয় যে, ইয়াৰ বাবে মুঠ ১২৮ টা ভোট গ্ৰহণ কেন্দ্ৰ সাজু কৰা হৈছে। ইফালে ভোটদান যাতে নৈতিকতাৰ আধাৰত বিবেকৰ দ্বাৰা পৰিচালিত হৈ কৰা হয় তাৰ বাবে জিলা প্ৰশাসনে ব্যাপক সজাগতা মূলক কাৰ্যসূচী হাতত লোৱাৰ বিষয়েও উপায়ুক্ত গৰাকীয়ে সংবাদ মেলত সদৰি কৰে।
সেই অনুসৰি নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আৰু স্নাতক শ্ৰেণী আৰু তাৰ উৰ্দ্ধৰ ছাত্ৰ-ছাত্ৰীৰ মাজত দুটা গোটত ২৮ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰৰ ভিতৰত বিদ্যালয়-মহাবিদ্যালয় পৰ্যায়ত নৃত্য আৰু গীত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ইয়াৰে বিজয়ী সকলৰ মাজত অহা ২ আৰু ৩ জানুৱাৰীত খণ্ড পৰ্যায়ত আৰু ৫ জানুৱাৰীত জিলা পৰ্যায়ত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।
লগতে পঢ়ক : অসম ৰঞ্জী ট্ৰফীৰ ২৭ জনীয়া খেলুৱৈৰ তালিকাত বৰপেটাৰ ৪ গৰাকী খেলুৱৈ
জিলা পৰ্যায়ত বিজয়ী সকলে বঙাইগাঁৱত অনুষ্ঠিত হ’বলগীয়া মাণ্ডলিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। ইয়াৰ উপৰিও অহা ২ আৰু ৩ জানুৱাৰীত হাউলীৰ চন্দী বৰুৱা ষ্টেডিয়ামত ফুটবল প্ৰতিযোগিতাও অনুষ্ঠিত হ’ব বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা আৰু নিৰ্বাচন বিষয়া ময়ুৰাক্ষী দত্তও উপস্থিত থকা সংবাদ মেলখনত উপায়ুক্ত গৰাকীয়ে লগতে প্ৰকাশ কৰে যে, ইতিমধ্যে চলি থকা ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনীত লাভ কৰা ৮৮,২২৬ খন আবেদনৰ ৬৯,০০০ খন গ্ৰহণ কৰা হৈছে। এই পৰ্যন্ত ২৪,২২৬ জন নতুন ভোটাৰ জিলাখনত অন্তৰ্ভুক্ত হৈছে।