আজিৰে পৰা আৰম্ভ হৈছে বৰপেটাৰ দৌল উৎসব। চাৰিদিনীয়াকৈ আৰম্ভ হোৱা দৌল উৎসবক লৈ উদুলী মুদুলী পৰিবেশ বৰপেটা সত্ৰৰ লগতে সমগ্ৰ বৰপেটা।
আজি বৰপেটাৰ দৌল বা দেউল উৎসৱৰ প্রথম দিন, যাক জনা যায় বহ্ন্যুৎসৱ বা গোন্ধ হিচাপে। গোন্ধৰ দিনা আবেলি দৌলগোবিন্দ গোঁসাইক ভাজঘৰৰপৰা গায়ন-বায়ন আৰু ঢুলীয়াৰে পৰিৱেষ্টিত কৰি পূব দুৱাৰেদি আনি মঠৰ চোতাললৈ অনা হয়।
একেদৰেই কলীয়া গোঁসাইক ঘাই দুৱাৰেদি মঠৰ চোতাললৈ অনা হয়। দুয়ো গোঁসাইক দুখন বৰশৰাইত স্থাপন কৰা হয়। গোঁসাইক উলিয়াই আনোতে গায়ন বায়নৰদ্বাৰা সুহাই ৰাগৰ ‘চলে বিৰিন্দাবনে’ বৰগীতটো পৰিৱেশিত হয়। মঠৰ চোতালত বসন্ত ৰাগৰ ‘সই দেখো দেখো’, তুৰ বসন্ত ৰাগৰ ‘প্ৰাণ গোপাল’, ‘কেলি কৰে বিৰিন্দাবনে’ আৰু বসন্ত ৰাগৰ ‘হৰি হেৰোৰে পাব’ বৰগীতকেইটা তেওঁলোকে পৰিৱেশন কৰে।
মুখ্য গায়নগৰাকীয়ে অহিৰ, ললিত, বৰাডড়ী, মালসী, বসন্ত, কামোদ, মল্লাৰ আৰু ভৈৰৱী – এই আঠটা ৰাগৰ আঠোটা বৰগীত গায়।
ইয়াৰ পাছত সন্ধিয়া দুই গোঁসাইক গায়ন-বায়ন-ঢুলীয়াৰে পৰিৱেষ্টিত কৰি মঠৰ চোতালৰপৰা টুপৰ চোতাললৈ লৈ অনা হয়। টুপৰ চোতালত বৰপেটা আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ লোকসকলে অনা নল, খাগৰি, ইকৰা আদিৰে এটা মেজি সজা থাকে।
দুই গোঁসাইক অনাৰ পাছত মেজিটো জ্বলাই দিয়া হয় আৰু মেজিৰ চাৰিওফালে গোঁসাইক সাত পাক ঘুৰোৱা হয়। ইয়াকে কোৱা হয় গোঁসাইৰ মেজি পুওৱা বা মাঘ পুওৱা।
এইখিনি সময়তে সত্ৰ পৰিচালনা সমিতিৰ কাৰ্যালয়ৰ সম্মুখভাগত বৰপেটাৰ স্থানীয় শিল্পীয়ে প্ৰস্তুত কৰা আঁতচবাজী প্ৰদৰ্শিত হোৱাৰ লগতে ফানুচ উৰোৱা হয়।
প্ৰজ্বলিত মেজিৰ চাৰিওফালে সাত পাক ঘুৰণ সম্পূৰ্ণ হোৱাৰ পাছত গোঁসাইক পোনতে নি দেউল গৃহৰ কাষত থকা যোগমোহন গৃহত এখন শৰাইত ৰখা হয়।
তাৰ পাছত নিৰ্দিষ্ট এক সময়ত গায়ন-বায়ন-ঢুলীয়া সমন্বিতে গোঁসাইক দেউলৰ সাতটা ঠাকেৰে সাত পাক ঘুৰাই দেউলৰ ভিতৰত স্থাপন কৰা হয়। নিশাৰ ভাগত গায়ন-বায়নে দেউলৰ সম্মুখত সেৱাৰ কীৰ্তন কৰে আৰু বৰধেমালি পৰিৱেশন কৰিব।
আজি পুৱা বৰপেটা সত্ৰৰ দালানৰ সন্মুখত বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকে হোলীগীত প্ৰতিযোগিতা উদ্বোধন কৰাৰ পিছতেই এটাৰ পিছত আনটো হোলীগীতৰ দলে বাটে বাটে হোলীগীত গাই কৃষ্ণ প্ৰেমৰ বন্দনাৰে মুখৰিত কৰি তোলে ৷ বাটে বাটে হোলীগীত প্ৰতিযোগিতাৰ অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশ গ্ৰহণ কৰে জনপ্ৰিয় অভিনেত্ৰী ভ্ৰান্তি মেধি, আৰু জনপ্ৰিয় কণ্ঠ শিল্পী ৰাকেশ ৰিয়ান ৷