বৰপেটা- নিৰ্বাচনী বতৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটাতো উঠিছে টকাৰ উজান।
বুধবাৰে ফ্লায়িংস্কোৱাড আৰু বৰপেটাৰোড আৰক্ষীয়ে অভিযান চলাই এখন গাড়ীৰ পৰা উদ্ধাৰ কৰে নগদ ২২ লাখ টকা।
গাড়ীখনৰ নম্বৰ এছ ১০ বি ৱাই ৫০৭১ । বৰপেটাৰোডৰ ষ্টেট বেংকৰ সন্মুখত তালাচীৰ সময়ত জব্দ হয় উক্ত ধনখিনি ৷
আৰু পঢ়কঃ নিৰ্বাচনৰ প্ৰাকমুহূৰ্ত্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ৬৪.৮৪ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ
এই সন্দৰ্ভত ছাইফুল ইছলাম আৰু মিৰাজ আলী নামৰ ব্যক্তি দুজনক আৰক্ষীয়ে আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে ৷