বৰপেটাৰ ৰাজপথত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড ৷ দুৰ্বৃত্তৰ আক্ৰমণত নিহত যুৱতী অধিবক্তা ৷ নিহত অধিবক্তাগৰাকী বৰপেটা চহৰৰ সমীপৱৰ্তী ভেল্লাৰ বনবৰিয়া গাঁৱৰ ৰিণিমা বেগম ৷
সোমবাৰে সন্ধিয়া প্ৰায় ৭.৩০ বজাত বৰপেটা চহৰৰ বিলৰতাৰী হাটীৰ ওচৰত সংঘটিত হয় হত্যাকাণ্ডটো৷ জানিব পৰা মতে, সন্ধিয়া জ্যেষ্ঠ ভগ্নীক লগত লৈ বিলৰতাৰী হাটীৰ এজন চিকিৎসকৰ ওচৰলৈ গৈছিল ৰিণিমা বেগম ৷ জ্যেষ্ঠ ভগ্নীৰ শাৰিৰীক অসুস্থতাৰ বাবে চিকিৎসকজনৰ ওচৰলৈ গৈছিল ৰিণিমা ৷ চিকিৎসকজনৰ চেম্বাৰৰ পৰা ওলাই গাড়ীত উঠিবলৈ লওঁতেই তিনিজনীয়া দুৰ্বৃত্তৰ আক্ৰণৰ বলি হয় অধিবক্তা ৰিণিমা বেগম ৷
তিনি গৰাকী দূৰ্বত্তই গাড়ীৰ পৰা নমাই আনি কৰে এই নিষ্ঠুৰ আক্ৰমণ। মটৰ চাইকেলৰে আহিছিল দূৰ্বত্তৰ দলটো।বৰপেটা আৰক্ষী থানাৰ নিচেই কাষত বিলৰট্টাৰী চকত সংঘটিত হয় এই চাঞ্চল্যকৰ হত্যাকাণ্ড। হত্যাকাণ্ড কৰিয়েই পলায়ন কৰে দুৰ্বৃত্তৰ দলটোৱে।
বৰপেটা দৌলাশাল গুৱাহাটী পথৰ ওপৰতে পৰি থাকিল মৃতদেহ। তেজেৰে লুটুৰি পুটুৰি হোৱা ৰিণিমাক ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
দীৰ্ঘদিনীয়া ভূমি বিবাদৰ বাবে হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ৰিণিমাৰ জ্যেষ্ঠ ভগ্নীয়ে ৷ ৰাজপথত এইদৰে হোৱা নৃশংস হত্যাকাণ্ডই জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাহীনতাত ভূগিছে সাধাৰণ জনতা।