গুৱাহাটীৰ পৰা ছৰফৰাজ খানঃ ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম থকা এগৰাকী বৃদ্ধা এতিয়া বিদেশী। ১৯৫১ চনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম সন্নিবিষ্ট হোৱাৰ সময়ত বৃদ্ধা গৰাকীৰ বয়স আছিল ১১ বছৰ। এতিয়া ৮২ বছৰ বয়সত বৃদ্ধা গৰাকীক বিদেশী বুলি ঘোষণা কৰা হৈছে। বৃদ্ধা গৰাকীৰ পিতৃৰ লগতে ভাতৃ-ভগ্নীৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত হৈছে।

বৰপেটা বিধানসভা সমষ্টিৰ নুনমাটি অঞ্চলৰ এগৰাকী ৮২ বছৰীয়া বৃদ্ধা বিদেশী বুলি ঘোষণা কৰা হ’ল। পাঠশালা বিদেশী ন্যায়াধীকৰণে ৮২ বছৰীয়া বৃদ্ধা গৰাকীক বিদেশী বুলি ঘোষণা কৰিছে। ১৯৯৮ চনত সীমান্ত আৰক্ষীয়ে বৃদ্ধা গৰাকী সন্দেহযুক্ত নাগৰিক বুলি বৃদ্ধা গৰাকীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছিল।

লগতে পঢ়কঃবুধবাৰে ৰাজ্যত ৪জন লোকৰ ক’ভিডত মৃত্যু

১৯৯৮ চনত সীমান্ত আৰক্ষীয়ে বৃদ্ধা গৰাকীৰ বিৰুদ্ধে ৰুজু কৰা গোচৰটো ২০১৭ চনত পঞ্জীয়ন কৰিছিল পাঠশালা বিদেশী ন্যায়াধীকৰণে। সুদীৰ্ঘ ২৩ বছৰে বিদেশীৰ কলংক লৈ ফুৰা বৃদ্ধা গৰাকী নিজকে ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰাৰ যুঁজ চলাই অৱশেষত হাৰ মানিব লগীয়া হ’ল বৃদ্ধা গৰাকী। পাঠশালা বিদেশী ন্যায়াধীকৰণে বিদেশী ঘোষণা কৰা বৃদ্ধা গৰাকী এতিয়া কাষ চাপিছে উচ্চ ন্যায়ালয়ৰ।

বিদেশী ঘোষিত এই ৮২ বছৰীয়া বৃদ্ধা গৰাকীৰ নাম গুলজান নেছা। ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত বৃদ্ধা গৰাকীৰ নাম সন্নিবিষ্ট হৈ আছে। বৰপেটা জিলাৰ হালাপাকৰী গাঁৱত জন্ম লাভ কৰা বৃদ্ধা গৰাকীৰ পিতৃ কুৰপান ভুঞাৰ লগতে পিতৃ পৰিয়ালৰ সকলো সদস্যৰে নাম সন্নিবিষ্ট হৈ আছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত। স্বামী আৰু ৫ পুত্ৰৰ ভিতৰত ৪ পুত্ৰৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত হৈছে যদিও গুলজান নেছা এতিয়া বিদেশী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply