প্ৰতিনিধিত্বমূলক ছবি

বৰপেটা: বৰপেটাৰোডৰ এ পি ডি চি এলৰ কাৰ্যালয়ৰ পৰা সোমবাৰে প্ৰায় ২১ লাখ টকা চুৰি হোৱা ঘটনা পোহৰলৈ অহাত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

যোৱা ৩১ জুলাইত সংগৃহীত বিদ্যুৎ বিলৰ ধনৰাশী ১ আগষ্ট দেওবাৰ হোৱা হেতুকে বেংকত জমা কৰিব পৰা নাছিল এ পি ডি চি এলৰ সংমন্ডলটোৰ কেছিয়াৰ জনে ৷ সেই বাবে ২ আগষ্টৰ দিনা সংগৃহীত টকাখিনি একলগ কৰি মুঠ ২১ লাখ টকা বেংকত জমা কৰাৰ বাবে সাজু কৰিছিল ৷
ঘটনা সম্পৰ্কে জানিবলৈ দিয়া মতে, কেছিয়াৰ গৰাকীয়ে ইমান বৃহৎ পৰিমানৰ ধন নিজৰ টেবুলৰ কাষত এটা ক’লা মোনাৰ ভিতৰত থৈ কেছ কাউণ্টাৰত লোকৰ বিদ্যুতৰ বিল আদায় লৈ থকাৰ সময়তে পিছপিনৰ পৰা কোনো অজ্ঞাত লোকে আহি টকাৰ মোনাখন লৈ উধাও হয় ৷ খন্তেক পাছতেই কেছিয়াৰে উক্ত স্থানত টকাৰ মোনাখন বিচাৰে যদিও টকাৰ মোনাখন দেখা নাপায়।
এই ঘটনা বিয়পি পৰাত এ পি ডি চি এলৰ বৰপেটাৰোডৰ কাৰ্যালয়ত হুৱাদুৱা লাগে৷ বিদ্যুৎ বিভাগৰ কাৰ্যালয়টোত চিচি টিভিৰ ব্যৱস্থা আছে যদিও চিচি টিভি বিকল হৈ থকাত কোনে ধনখিনি থকা বেগটো লৈ উধাও হ’ল সেয়া ধৰিব পৰা নাই ৷

বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ পৰা বিদ্যুৎ বিলৰ বাবদ সংগৃহীত প্ৰায় ২১ লাখ টকা চুৰি হোৱাৰ ঘটনা বৰপেটাৰোড আৰক্ষীক অৱগত কৰোৱাত আৰক্ষীয়ে বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷ ইমান বৃহৎ পৰিমানৰ ধন কি কাৰনত আগতীয়াকৈ টেবুলৰ ওপৰলৈ আনি থৈছিল সিও সন্দেহৰ উৰ্ধত নহয় ।

লগতে পঢ়ক ড্ৰাগছ সৰবৰাহ নতুন নতুন কৌশল ড্ৰাগছ সৰবৰাহকাৰীৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,285 other subscribers

Leave a comment

Leave a Reply